মেডিকেল শিক্ষাৰ্থীৰ বাবে সুখবৰ, বেচৰকাৰী কলেজত পঢ়াৰ খৰচ কমালে কেন্দ্র‌ই

cc8598fa 0969 11e7 ba13 f6aef3964879

অৱশেষত দেশৰ মেডিকেল শিক্ষাৰ্থীৰ (Medical Student) বাবে বৃহৎ সিদ্ধান্ত ল’লে কেন্দ্র‌ই । চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে, এইবাৰৰ পৰা বেচৰকাৰী মেডিকেল কলেজহমূহৰ (Private Medical Collage) অর্ধেক আসনত চৰকাৰী কলেজৰ হাৰত মাছুল লোৱা হ’ব । সোমবাৰে টুইট কৰি এই কথা জনালে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ (Narendra Modi) দপ্তৰ PMO-ই ।

উল্লেখ্য, ইউক্রেইনৰ (Ukraine) খাৰকিভ চহৰত ৰুছ আক্ৰমণত প্রাণ হেৰুৱাইছে মেডিকেলৰ ভাৰতীয় ছাত্র নবীন শেখাৰাপ্পা জ্ঞানাগোদাৰে (Naveen Shekharappa Gyanagoudar) । নবীনৰ পিতৃয়ে অভিযোগ কৰিছিল যে, এমবিবিএছৰ (MBBS) প্রৱেশিকা পৰীক্ষাত ভাল নম্বৰ পাইছিল যদিও দেশত চিকিৎসা বিজ্ঞান পঢ়াৰ সুযোগ পোৱা নাছিল নবীনে । তেওঁ অভিযোগ কৰিছিল, দেশৰ বেচৰকাৰী কলেজত মেডিকেল পঢ়িবলৈ কোটি টকা ড’নেছন দিব লাগে । ইয়াৰ পাছত আজিৰ কেন্দ্রৰ সিদ্ধান্তক আদৰণি জনাইছে সকলোৱে । লগতে চৰকাৰে ধাৰণা কৰিছে, নতুন সিদ্ধান্তৰ ফলত দৰিদ্র আৰু মধ্যবিত্ত শিক্ষাৰ্থীসকল উপকৃত হ’ব । PMO-ৰ টুইটত দাবী কৰা হয়, কিছুদিন আগতেই এই বিষয়ত সিদ্ধান্ত লৈছিল চৰকাৰে ।

সোমবাৰে জন ঔষধি দিৱসত ভাষণ দিয়ে প্রধানমন্ত্রী মোদীয়ে (PM Narendra Modi) । তাত তেওঁ কয়, “কিছুদিন আগতে চৰকাৰে আৰু এটা বৃহৎ সিদ্ধান্ত লৈছে, যাৰ সুবিধা পাব দেশৰ দৰিদ্র আৰু মধ্যবিত্ত শিক্ষাৰ্থীসকলে । আমি সিদ্ধান্ত লৈছো বেচৰকাৰী মেডিকেল কলেজৰ অর্ধেক আসনত চৰকাৰী মেডিকেল কলেজৰ মাছুল লোৱা হ’ব ।”

ইয়াৰ উপৰি ভাষণত প্রধানমন্ত্রীয়ে দাবী কৰে, দেশৰ স্বাস্থ্য পৰিকাঠামো অধিক শক্তিশালী কৰা হৈছে । তেওঁ অভিযোগ কৰে, স্বাধীনতাৰ ইমান দশকৰ পাছতো দেশত মাত্র এখন এইমছ (AIIMS) আছিল । কিন্তু আজি দেশত ২২খন এইমছ আছে । প্ৰধানমন্ত্ৰী মোদীয়ে জনায়, দেশৰ প্রতিটো জিলাত অন্তত এটা মেডিকেল কলেজ খোলাৰ লক্ষ্য চৰকাৰৰ । ইপিনে, আগন্তুক শিক্ষাবর্ষৰ পৰাই কেন্দ্রৰ নতুন সিদ্ধান্ত কার্যকৰ হ’ব ।

প্রসংগত, ইউক্রেইনৰ ঘটনাৰ উপৰিও সাম্প্রতিক কালত দেশজুৰি মাছুল বৃদ্ধিক লৈ মেডিকেল শিক্ষাৰ্থীসকলে আন্দোলন চলাইছিল । আজিৰ সিদ্ধান্তৰ ফলত আন্দোলনৰত শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ ক্ষোভ প্রশমিত হ’ব ।

Exit mobile version