ৰাছিয়াত ভিছা মাষ্টৰকাৰ্ডৰ সেৱা হ’ল বন্ধ ,দেশৰ অৰ্থনীতিত পুনৰ প্ৰহাৰ

visa master card 1646532992

ইউক্রেইনৰ বিৰুদ্ধে ৰাছিয়াই একেৰাহে ১১ দিন ধৰি যুদ্ধ অব্যাহত ৰাখিছে। ইতিমধ্যে ৰাছিয়াৰ বিৰুদ্ধে আমেৰিকাসহ একাধিক দেশে আর্থিক নিষেধাজ্ঞা আৰােপ কৰি দেশখনত অর্থনীতিত আঘাত হানিছে।

এইবাৰ ৰাছিয়াত ভিছা আৰু মাষ্টাৰকাৰ্ডৰ সেৱা বন্ধৰ সিদ্ধান্ত ল’লে দুই প্রতিষ্ঠানে। সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ভিছা আৰু মাষ্টাৰকার্ডে সাময়িকভাৱে ৰাছিয়াত নিজৰ সেৱা বন্ধ ৰাখিব।

ৰুছ বেংকে জাৰি কৰা ভিছা আৰু মাষ্টাৰকার্ড সম্প্রতি দেশখনৰ বাহিৰত ব্যৱহাৰ কৰিব পৰা নাযাব। ভিছাই এক বিবৃতি প্রকাশ কৰা জনােৱা অনুসৰি প্রতিষ্ঠানটোৱে তৎকালীনভাৱে কার্যকৰী হােৱাকৈ তেওঁলােকৰ সেৱা ৰাছিয়াত বন্ধ কৰাৰ সিদ্ধান্ত ল’লে।

ইফালে, মাষ্টাৰকার্ডেও ঘােষণা কৰি কৈছে যে ৰুছ বেংকে জাৰি কৰা মাষ্টাৰকাৰ্ড এতিয়াৰ পৰা এই নেটৱৰ্কত ব্যৱহাৰ কৰিব নােৱাৰিব।

Exit mobile version