Punjab Assembly Election 2022 Result : দিল্লীৰ পাছত পঞ্জাৱ ! পঞ্জাৱ জয় কৰি কি বাৰ্তা দিলে কেজৰিৱালে

1646908831 kejriwal pti

পঞ্জাৱত জয়লাভ কৰি এক নতুন ভাৰত গঢ়াৰ আহ্বান জনালে আম আদমী পাৰ্টিৰ (আপ)ৰ মুৰব্বী অৰবিন্দ কেজৰিবালে । লগতে তেওঁ সমগ্ৰ দেশতে পৰিবৰ্তনৰ জোৱাৰ আনিবলৈ যুৱ নেতৃত্বক আহ্বান জনায় ।

বুথ ৰিটাৰ্ণ জৰীপত আৰম্ভণিৰে পৰা কোৱা হৈছে যে, ১১৭ খন বিধানসভা আসনত পঞ্জাৱৰ চালকৰ আসনত থাকিব আপ ।

সেই পূৰ্বানুমান অনুসৰি, কেজৰিৰ দলে ৯০ খনতকৈও অধিক আসন লাভ কৰিলে । এই বিপুল জয়ৰ সন্দৰ্ভত কেজৰিয়ে কয়, “এই বিজয় হৈছে পঞ্জাৱৰ জনসাধাৰণৰ জয়। এই ৰাজ্যৰ মানুহে মোৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ প্ৰত্যুত্তৰ দিছে। ইয়াৰ বাবে মই আৰু মোৰ দল কৃতজ্ঞ।”

আপৰ এই জয় ডাঙৰ ডাঙৰ সকলো নেতাৰ গাদী কঁপাই তুলিছে বুলিও তেওঁ মন্তব্য কৰে ।

তেওঁ কয়, “পঞ্জাৱত আপৰ এই জয় ৰাজ্যখনৰ বহুজ্যেষ্ঠ নেতাৰ গাদী ওলোটাই দিছে। কেপ্টেইন পৰাজিত হৈছে, পৰকাশ সিং বাদল পৰাজিত হৈছে, পঞ্জাৱৰ মানুহে সুখবীৰ সিং বাদল আৰু চান্নীৰ দৰে জ্যেষ্ঠ নেতাসকলক প্ৰত্যুত্তৰ দিছে জনসাধাৰণে। “

একে সময়তে, কেজৰিয়ে কয়, এইবাৰ ব্যৱস্থা সলোৱাৰ দায়িত্ব আহিছে । ইমান দিন ধৰি ৰাজনৈতিক দলসমূহে জনসাধাৰণক বুৰ্বক বনাই দেশক লুটি আহিছে। সেয়েহে, সেই ব্যৱস্থা ভাঙি পেলোৱাৰ আহ্বান দিছে কেজৰিয়ে।

নাম নোলোৱাকৈয়ে কংগ্ৰেছৰ ফালে উদ্দেশ্য কৰি তেওঁ কয়, “ভগত সিঙে কৈছে যে কেৱল স্বাধীনতাহে প্ৰাপ্ত কৰিলেই নহয়, ব্যৱস্থাটো সলনি কৰিব লাগিব। কিন্তু ৭৫ বছৰ ধৰি, ব্যৱস্থা সলনি হোৱা নাই। ইংৰাজৰ দৰেই তেওঁলোকে একেই ব্যৱস্থা বজাই ৰাখিছে । “

পঞ্জাৱত যাতে আপ ক্ষমতালৈ নাহে তাৰ বাবে সকলো দল একত্ৰিত হৈছিল বুলিও মন্তব্য কৰে কেজৰিৱালে ।কিন্তু এই সকলোবোৰৰ স্বত্বেও যে আপ ক দমন কৰিব নোৱাৰে তাকে প্ৰমাণ কৰি দিলে পঞ্জাৱৰ মানুহে ।

কেজৰিৱালে কয়, “দিল্লীত আগতে পৰিৱৰ্তন আহিছে। এইবাৰ পঞ্জাৱলৈ আহিল। এই পৰিৱৰ্তনটো অনাগত দিনত সমগ্ৰ দেশতে আনিব লাগিব। আৰু আমি ইয়াৰ বাবে সাজু থাকিব লাগিব। পঞ্জাৱ জয় কৰাৰ পাছত কেজৰীৰ বাৰ্তা আছিল, “আপে এনে এখন দেশ গঢ়ি তুলিব য’ত কোনো ঘৃণা নাথাকিব। য’ত শান্তি থাকিব। য’ত মানুহে খালী পেটে থাকিব নোৱাৰিব, য’ত সকলোৱে শিক্ষাৰ পোহৰ পাব – এনে এখন দেশ নিৰ্মাণ কৰিব লাগিব। ”

Exit mobile version