চীনত নেতৃত্বৰ দ্বিতীয় স্থানত থকা লীয়ে গ্ৰহণ কৰিব অৱসৰ

W020210525404673214153

চীনৰ নেতৃত্বৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি জি জিনপিঙৰ পাছত দ্বিতীয় স্থানত থকা দেশখনৰ প্ৰধানমন্ত্ৰী লী কেকিয়াঙে অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিলে ।

চীনৰ প্ৰধানমন্ত্ৰীজনে এই কথা প্ৰকাশ কৰি কয় যে তেওঁ পাঁচ বছৰীয়া কাৰ্যকালৰ অন্ততঃ চলিত বৰ্ষতে অৱসৰ গ্ৰহণ কৰিব ।

৬৬ বছৰীয়া কেকিয়াঙে নিজৰ অৱসৰৰ কথা ঘোষণা কৰি কয় যে চলিত বৰ্ষটোৱে হ’ব তেওঁৰ প্ৰধানমন্ত্ৰীত্বৰ অন্তিম বৰ্ষ ।

স্মৰ্তব্য যে ২০১৩ বৰ্ষত কেকিয়াং চীনৰ প্ৰধানমন্ত্ৰী নিযুক্তি হৈছিল । পদমৰ্যাদাৰ দিশৰ পৰা কেকিয়াং হৈছে জিনপিঙৰ পাছত দ্বিতীয়জন সৰ্বোচ্চ পদবীধাৰী নেতা ।

Exit mobile version