ৰাজ্যত বিলুপ্ত হ’ব স্নাতক শিক্ষকৰ পদ

নতুন নিযুক্তিৰ অৰ্হতা হ'ব স্নাতকোত্তৰ

498323a6432ea9753e6f84c1e92e5858 original

আগন্তুক শিক্ষাবৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিক শাখাত পাঠদান কৰা স্নাতকোত্তৰ শিক্ষকে ষষ্ঠ শ্ৰেণীৰ পৰাই পাঠদান কৰিব লাগিব । ইয়াৰ লগতে আন কে’বাটাও সিদ্ধান্তৰে অচিৰে শিক্ষকৰ সেৱাবিধিত পৰিৱৰ্তন আনিবলৈ সাজু হৈছে অসম চৰকাৰ । ইতিমধ্যে শিক্ষা বিভাগৰ পৰা কেবিনেটত অনুমোদনৰ বাবে সংশোধনী প্ৰস্তাৱসমূহ চৰকাৰৰ ওচৰত দাখিল কৰা হৈছে ।

নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আলমত আনিব বিচৰা এই পৰিৱৰ্তনৰ সন্দৰ্ভত বিভাগী‌য় সূত্ৰ‌ই সদৰী কৰে যে উক্ত প্ৰস্তাৱৰ আধাৰতে নতুন শিক্ষক নিযুক্তিও হ’ব । অৰ্থাৎ ষষ্ঠৰ পৰা দ্বাদশলৈ পাঠদান কৰিবলগীয়া শিক্ষকৰ নিযুক্তিৰ অৰ্হতা স্নাতকোত্তৰ উত্তীৰ্ণ হ’ব । এই নীতিৰ ফলত ইতিমধ্যে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত স্নাতকোত্তৰ শিক্ষকসকলেও ষষ্ঠ শ্ৰেণীৰ পৰাই পাঠদান কৰিব লাগিব ।

অৱশ্যে নতুন এই সিদ্ধান্তৰ ফলত স্নাতক শিক্ষকসকলৰ পাঠদানৰ কোনো সালসলনি নহ’ব তেওঁলোকে অৱসৰ পৰ্যন্ত বৰ্তমানৰ দৰে পাঠদান কৰি থাকিব পাৰিব; কিন্তু অৱসৰ গ্ৰহণৰ লগে লগে তেওঁলোকৰ পদবোৰ বিলুপ্ত কৰি পেলোৱা হ’ব । ইয়াৰ জৰিয়তে মাধ্যমিক বিদ্যালয়ত স্নাতক শিক্ষকৰ ব্যৱস্থাটোৱে নোহোৱা কৰা হ’ব ।

এনেদৰে ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিদ্যালয় শিক্ষাৰ দুয়োটা গাঁথনিতে কেৱল স্নাতকোত্তৰ শিক্ষকহে থাকিব । শিক্ষকৰ নতুন নামকৰণৰো প্ৰস্তাৱ কৰা হৈছে । সেই অনুসৰি শিক্ষকসকল বিদ্যালয় শিক্ষক আৰু মাধ্যমিক বিদ্যালয় শিক্ষকৰূপে পৰিগণিত হ’ব । ইপিনে, পি এইছ ডি থকা শিক্ষকে দৰমহাৰ উপৰি অতিৰিক্ত ভাট্টাও ল’ব পাৰিব ।

Exit mobile version