Russia Ukraine War : পুত্ৰক যুদ্ধত নপঠিয়াব, ৰাছিয়ান মাতৃসকলক অনুৰোধ ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ

1646140985 7987

পুত্ৰক যুদ্ধত নপঠিয়াবলৈ ৰাছিয়াৰ মাতৃসকলক অনুৰোধ কৰিলে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিয়ে । এটা ভিডিঅ’ বার্তাত তেওঁ কয়, ‘‘ৰাছিয়াৰ মাতৃসকলক অনুৰোধ কৰিছো, পুত্ৰসকলক ভিন দেশত যুদ্ধ কৰিবলৈ নপঠিয়াব ।’’

উল্লেখ্য সামাজিক মাধ্যমত একাধিক ৰাছিয়ান মাতৃয়ে অভিযোগ কৰিছে, ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ হোৱাৰ পৰা তেওঁলোকৰ সন্তানৰ কোনো খবৰ পোৱা নাই । ইয়াৰ পাছতেই ভিডিঅ’টোত ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয়, ‘‘বিচাৰ কৰক, আপোনালোকৰ সন্তানসকল ক’ত আছে । যদি বিন্দুমাত্র সন্দেহ হয় ইউক্রেইনত যুদ্ধত প্ৰেৰণ কৰা হৈছে, তেন্তে তেওঁলোকৰ মৃত্যু অথবা আটক ৰোধ কৰিবলৈ শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক ।’’

তেওঁ আৰু কয়, ‘‘এই ভয়াৱহ যুদ্ধ ইউক্রেইনে কোনো দিন নিবিচাৰে । কিন্তু যুদ্ধ হৈছে যেতিয়া, আমিতো আত্মৰক্ষা কৰিব‌‌ই লাগিব ।’’

বুধবাৰে ৰাছিয়াই প্রথম স্বীকাৰ কৰে যে যুদ্ধৰ প্রয়োজনত নতুনকৈ সেনা নিয়োগ কৰা হৈছে আৰু তেওঁলোকৰ ভিতৰত অনেকেই বন্দী হৈছে । প্রসংগত, মস্কোৱে ইয়াৰ আগতে দাবী কৰিছিল কেৱল বৃত্তিধাৰী সৈন্যসকলেই ইউক্রেইনত যুদ্ধ কৰিছে ।

ইউক্রেইনৰ প্রতিৰক্ষা দপ্তৰে বিগত সপ্তাহতেই কয়, তেওঁলোকৰ দেশত বন্দী ৰাছিয়ান সৈন্যসকলৰ মাতৃসকলে যেন তেওঁলোকৰ সন্তানক লৈ যায় । এই সংক্রান্ত তথ্য লাভ কৰিবলৈ ইউক্রেইনৰ তৰফৰ পৰা ফোন নম্বৰ আৰু এটা ইমেল ঠিকনা দিয়া হৈছে, যাৰ জৰিয়তে মাতৃসকলে তেওঁলোকৰ সন্তানৰ সম্পর্কে তথ্য পাবলৈ সক্ষম হ’ব ।

পূৰ্বে ইউক্রেইনে দাবী কৰিছিল, কিভ দখল কৰিবলৈ সীমান্তত বিপুল সেনা সমাবেশ কৰিছে ৰাছিয়াই । নিজৰ জয়ক লৈ আত্মবিশ্বাসী জেলেনস্কিয়ে শনিবাৰে কয়, ইউক্রেইন এতিয়া গতি সলনি কৰাৰ মুহূর্তত উপনীত হৈছে । প্রাণহানিৰ শংকাত কিভৰ নাগৰিকসকলক আগৰ পৰাই সুৰক্ষিত স্থানত আশ্রয় লোৱাৰ তেওঁ আবেদন জনাইছে ।

Exit mobile version