প্ৰায়ভাগ লােকে কম-বেছি পৰিমাণে বাদাম খায়। কিছুমানে কেঁচা আৰু আন কিছুমানে ভজা বাদাম খােৱাৰ অভ্যাস। বাদাম যিয়েই নহওক কিয় ইয়াৰ গুণাগুণ বহুতাে।
কিছুমানৰ মতে বাদাম নিয়মীয়াকৈ খােৱাৰ ফলত তেজত বৃদ্ধি পায় ট্রাইগ্লীচাৰাইড। একাংশ গৱেষকৰ মতে, বাদাম বেছিকৈ খালে হৃদৰােগৰ প্ৰৱণতাও বৃদ্ধি পায়। আন কিছুমানে আকৌ বাদাম আদি স্নেহজাতীয় খাদ্য বুলি ইয়াৰ পৰা আঁতৰি থাকে।
ইয়াৰ মাজতে একাংশ গৱেষকে এই বুলি মন্তব্য কৰিছে যে নিয়মীয়াকৈ বাদাম খােৱাৰ ফলত মানসিক দুর্বলতা হ্রাস পায়। কেঁচা বাদাম নিয়মীয়াকৈ খােৱা সকলৰ মানসিক দুর্বলতা তুলনামূলকভাৱে কম মানসিকভাৱে স্ফুর্তিত থাকিব পৰা যিবােৰ উপাদানৰ প্রয়ােজন সেয়া ইয়াত উপযুক্তভাৱে পােৱা যায়।
ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন ‘ই’ থাকে। তদুপৰি সমান্তৰালভাৱে ইয়াত থকা বিভিন্ন উপাদানে মানসিক দুর্বলতা হ্রাস কৰে। মানসিক অৱসাদ, অস্থিৰতা, ক্লান্তিবােধৰ উপৰি যিসকলৰ বিস্মৃতিজনিত সমস্যা আছে তেওঁলােকে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নিয়মীয়াকৈ বাদাম খাব পাৰে।
মানসিক স্বাস্থ্যৰ কথা ভাবিয়ে সকলােৱে এই বিষয়ত গুৰুত্ব প্রদান কৰা উচিত। আজিকালি বিভিন্ন দেশত বাদাম আদিৰ ওপৰত গৱেষণা চলিছে। কিছুমান গৱেষণাত এটা দিশ ইতিবাচক বুলি মন্তব্য কৰিলেও আনটো ক্ষেত্ৰত আকৌ নেতিবাচক দিশ সম্পর্কে ব্যাখ্যা কৰা হৈছে।
অৱশ্যে অধ্যয়নকাৰীসকলে পুষ্টিগুণ সম্পর্কে ইতিবাচক দৃষ্টিৰেই ব্যাখ্যা কৰিছে। অৱশ্যে যিসকলৰ বাদাম খালে সমস্যাই গা কৰি উঠে তেওঁলােকে চিকিৎসক পৰামর্শ গ্রহণ কৰিহে খােৱা উচিত।
নহ’লে কিছুমান উপাদান বৃদ্ধি হৈ বিভিন্ন ধৰণৰ ৰােগ সৃষ্টিৰ কাৰক হিচাপে থিয় দিব পাৰে। এই ক্ষেত্ৰত সকলােৱে সতর্কতা অৱলম্বন কৰা উচিত।