পুত্ৰ বিধায়ক হ’লেও ঝাড়ু ত্যাগ নকৰে চাফাইকৰ্মী মাতৃয়ে

90177717

পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনত আম আদমী পার্টি (আপ)ৰ ঐতিহাসিক জয়ে সকলােকে চমকিত কৰিলে। এইবাৰৰ পঞ্জাৱৰ নিৰ্বাচনত কেবাটাও অঘটন সংঘটিত হ’ল।

ইয়াৰে এটা হৈছে পঞ্জাৱৰ বিদায়ী মুখ্যমন্ত্রী চৰণজিৎ সিং ছন্নীৰ পৰাজয়। ছন্নীয়ে ভাদৌৰ সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিছিল আৰু তেওঁক আপৰ প্রার্থী লাভ সিঙে পৰাজিত কৰে।

ম’বাইল মেকানিক হিচাপে কাম কৰা লাভে ছন্নীৰ বিৰুদ্ধে ৩৭,০০০ টা ভােটত জয়লাভ কৰে। লাভৰ মাতৃ বলদেৱ কৌৰে স্থানীয় এখন বিদ্যালয়ত ছাফাইকর্মীৰ কাম কৰে।

পুত্ৰ বিধায়ক নির্বাচিত হােৱাৰ পাছতত মাতৃ বলদেৱে কয় যে তেওঁ পূৰ্বৰ দৰে বার্ণালাৰ এখন চৰকাৰী বিদ্যালয়ত ছাফাইকর্মী হিচাপে কাম কৰি যাব। ইতিমধ্যে বিধায়ক পুত্ৰক তেওঁৰ এই সিদ্ধান্তৰ কথা অৱগত কৰােৱা বুলি বলদেৱে জানিবলৈ দিয়ে।

ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ আগত এক সাক্ষাৎকাৰত বলদেৱে কয়, ‘যেতিয়া সংসাৰ চলােৱাৰ বাধ্যবাধকতা আছিল তেতিয়াৰে পৰা ঝাড়ু আমাৰ সংগী আৰু এতিয়া ঝাড়ু (আপৰ প্রতীক)ৰ জৰিয়তে আমাৰ পুত্ৰই বিধানসভাৰ নিৰ্বাচনত জয়ৰে স্বীকৃতি লাভ কৰিলে। ঝাড়ু আমাৰ জীৱনৰ অংশ হৈ থাকিব।’

Exit mobile version