India-Pakistan : অসতর্কতাত ক্ষেপণাস্ত্র নিক্ষেপ হৈছিল পাকিস্তানত, সংসদত জনালে প্রতিৰক্ষামন্ত্রী ৰাজনাথে

rajnath20220126121509

ভাৰতীয় সেনাৰ ক্ষেপণাস্ত্র লক্ষ্যভ্রষ্ট হৈ পাকিস্তানত পৰা ঘটনা সম্পৰ্কত সংসদত বিবৃতি দিলে প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে । মঙলবাৰে ৰাজ্যসভাত তেওঁ কয়, ‘‘অসতর্কতাবশত ঘটি যোৱা এই ঘটনাটোত চৰকাৰে অত্যন্ত গুৰুত্ব দিছে । এই বিষয়ত উচ্চপর্যায়ৰ তদন্তৰ নির্দেশ দিয়া হৈছে ।’’

প্রতিৰক্ষামন্ত্রীয়ে লগতে সংসদক আশ্বস্ত কৰি কয়, ‘‘আমাৰ ক্ষেপণাস্ত্র ব্যৱস্থা অত্যন্ত নির্ভৰযোগ্য আৰু নিৰাপদ ।’’ যোৱা ন মার্চ সন্ধিয়া সাত বজাত ক্ষেপণাস্ত্রৰ ৰুটিন ৰক্ষণাবেক্ষণ আৰু পৰিদর্শনৰ সময়ত অসতর্কতাবশত এই দুর্ঘটনা ঘটিছিল বুলি তেওঁ জনায় । ইয়াৰ পাছতেই এই ক্ষেপণাস্ত্র ঘাটিল সুৰক্ষা আৰু প্রযুক্তি ব্যৱস্থা পৰীক্ষা কৰা হৈছে বুলি জনায় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, ‘‘আমি সমৰাস্ত্রৰ সুৰক্ষা ব্যৱস্থাক সর্বোচ্চ অগ্রাধিকাৰ দিওঁ ।’’

সূত্রের খবর, গত ৯ মার্চ হরিয়ানার সিরসায় সেনা মহড়া চলাকালীন ‘প্রযুক্তিগত ত্রুটির কারণে ভারতীয় সেনার একটি ক্ষেপণাস্ত্র গিয়ে আছড়ে পড়ে পাকিস্তানের পঞ্জাব প্রদেশের মিলন চানু শহরে। তবে খবরটি প্রথম প্রকাশ করে রাশিয়ার সংবাদ সংস্থা স্পুটনিক। তারাই প্রথম একটি ভারতীয় ক্ষেপণাস্ত্রের লক্ষ্যভ্রষ্ট হওয়ার খবর জানায়।

ইয়াৰ পাছৰ দিনা এটা বিবৃতিত নতুন দিল্লীত ঘটনাৰ কথা স্বীকাৰ কৰে । তেওঁ জনায়, ঘটনাটো ভুলবশত সংঘটিত হৈছিল । এই বিষয়ত উচ্চপর্যায়ৰ তদন্ত আৰম্ভ হৈছে বুলিও চৰকাৰী বিবৃতিত কোৱা হয় । পাছত পাকিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মোঈদ ইউছুফে অভিযোগ কৰে, বৈদেশিক সংবাদমাধ্যমে বিষয়টো প্রকাশ্যত অনাৰ আগতে নতুন দিল্লীয়ে এই বিষয়ত ইসলামাবাদক জনোৱাৰ সৌজন্যতাও দেখুওৱা নাই ।

লগতে তেওঁ কয়, ‘‘স্পর্শকাতৰ প্রতিৰক্ষা প্রযুক্তি ব্যৱহাৰৰ ভাৰতৰ কোনো যোগ্যতা নাই ।’’ যোৱা শুকুৰবাৰে ক্ষেপণাস্ত্র-কাণ্ডক লৈ লিখিত বিবৃতি দিয়ে ইছলামাবাদে । এই ঘটনাৰ যৌথ তদন্তৰ দাবী কৰা হয় ইমৰান খান চৰকাৰৰ তৰফৰ পৰা ।

প্রসংগত, ক্ষেপণাস্ত্র-কাণ্ডত ইতিমধ্যে ভাৰতৰ অৱস্থান সমর্থন কৰিছে আমেৰিকাই । সোমবাৰে নিশা আমেৰিকাৰ বৈদেশিক দপ্তৰৰ মুখপাত্র নেড প্রাইছে কয়, ‘‘আমি সন্ধান কৰি পাইছো যে, বিষয়টো এটা দুর্ঘটনাৰ বাহিৰে একো নহয় ।’’

Exit mobile version