অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ গামেৰীমূৰাত পুনৰ উত্তেজনা

পুনৰ মেঘালয়ৰ চকু অসমৰ চৰকাৰী সাপ্তাহিক বজাৰত

62d705d8 8820 4181 a6d8 5011145f2ca2

সীমা সমস্যাক কেন্দ্ৰ কৰি দীৰ্ঘদিন ধৰি অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ সীমান্তত অব্যাহত আছে চেপা উত্তেজনা। চাৰ্ভে অৱ ইণ্ডিয়াৰ মানচিত্ৰ মানিব নোখোজা চুবুৰীয়া ৰাজ্য মেঘালয়ে বকোৰ সীমান্তত ভূমি আগ্ৰাসন চলাই অসমীয়াৰ ওপৰত শাৰিৰীক আৰু মানসিক নিৰ্যাতন অব্যাহত ৰাখিছে।

পুনৰাই মেঘালয়ৰ চকু অসমৰ চৰকাৰী সাপ্তাহিক বজাৰৰ ওপৰত পৰিছে। ফলত চেপা উত্তেজনাই বিৰাজ কৰি থকা বকোৰ সীমান্ত গামেৰীমূৰাত তীব্ৰ উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হ’ল। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সমৰ্থনত অসম বিদ্বেষীৰ ক্ষেন চকু পৰিল সীমান্তৱৰ্তী বকোৰ গামেৰীমূৰা শুকুৰবৰীয়া সাপ্তাহিক বজাৰখনৰ ওপৰত।

সাপ্তাহিক বজাৰখন গামেৰীমূৰাৰ পৰা প্ৰায় তিনি/চাৰি কিলোমিটাৰ নিলগত মেঘালয়ৰ শিলডুবিত স্থাপন কৰা বাবে অসম বিদ্বেষী সকলে গোপনে কুঅভিসন্ধি ৰচে। অসম বিদ্বেষী সকলে বকোৰ গামেৰীমূৰা শুকুৰবৰীয়া সাপ্তাহিক বজাৰখন মেঘালয়ৰ শিলডুবিত আজিৰে পৰা বুধবৰীয়া সাপ্তাহিক বজাৰ হিচাবে স্থাপন কৰা বাবে গোপনে প্ৰস্তুতি চলাইছিল।

আনকি অসম বিদ্বেষী সকলে গোপনে অসমৰ ব্যৱসায়ী সকলৰ সৈতে যোগাযোগ স্থাপন কৰে। অসম বিদ্বেষীৰ কুঅভিসন্ধি সন্দৰ্ভত অৱগত গামেৰীমূৰা বজাৰ উন্নয়ন সমিতিয়ে পুৱতি নিশাৰ পৰাই গামেৰীমূৰাত অসমৰ ব্যৱসায়ী সকলক অসম বিদ্বেষীৰ কথাত ভুল নাযাবলৈ ৰখীয়া হৈ থাকে।

অসমৰ একাংশ ব্যৱসায়ী গামেৰীমূৰা সমীপৰ মেঘালয় শিলডুবিত অসম বিদ্বেষীয়ে স্থাপন কৰিব খোজা শিলডুবি বুধবৰীয়া সাপ্তাহিক বজাৰলৈ যাত্ৰা কৰে। গামেৰীমূৰা বজাৰ উন্নয়ন সমিতিয়ে অসমৰ ব্যৱসায়ী সকলক গামেৰীমূৰাত বাধা আৰোপ কৰাত অসমৰ ব্যৱসায়ীসকল শিলডুবি বজাৰ প্ৰাংগনত উপস্থিত নহৈ উভতি আহে।

অসম বিদ্বেষীৰ কুঅভিসন্ধি ফলপ্ৰসু হ’বলৈ নিদিলে গামেৰীমূৰা বজাৰ উন্নয়ন সমিতিয়ে। উল্লেখযোগ্য যে, বিগত বছৰৰ তিনি ডিচেম্বৰ অসম বিদ্বেষীয়ে অসমৰ বকোৰ গামেৰীমূৰা চৰকাৰী সাপ্তাহিক বজাৰখন ষড়যন্ত্ৰ মূলক ভাবে অসমৰ বকোৰ গাতে লাগি থকা মেঘালয়ৰ শিলডুবিত গঢ়ি তুলিছিল।

আনকি মেঘালয়ৰ বজাৰখনৰ পৰিবৰ্তে অসমৰ বজাৰখনলৈ মেঘালয় সমৰ্থনকাৰী বা অসম বিদ্বেষী সকল ক্ৰয় বিক্ৰিৰ বাবে প্ৰৱেশ কৰিলে এক হাজাৰ টকা ফাইন ভৰিব লাগিব বুলি অসম বিদ্বেষীয়ে নিয়ম মানি কঠোৰভাবে সকিয়াই থৈছিল ।

যাৰ বাবে ভয় শংকাত বৃহত্তৰ মালাং শালবাৰী অঞ্চলৰ গাৰো লোকসকলৰ একাংশ অসমত থাকিব বিচাৰিলেও অসমৰ বজাৰখনত উপস্থিত হোৱা নাছিল। আনকি অসমক প্ৰত্যাহ্বান জনাই অসম বিদ্বষীয়ে মেঘালয়ৰ শিলডুবিত বজাৰখন গঢ়ি তুলিছিল সীমিত ব্যৱসায়ীৰ উপস্থিতিত।

কিন্তু মেঘালয়ৰ বজাৰখনত অসমৰ অসমীয়াৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল। মেঘালয়ৰ শিলডুবিৰ সমীপত থকা অসমৰ বকোৰ হৌ-হুৱাপাৰাৰ প্ৰীটিছ চাংমা নামৰ মহিলা গৰাকী বজাৰখনত উপস্থিত হোৱাত শিলডুবিৰ নোপিল চাংমা নামৰ মেঘালয়ৰ মহিলা এগৰাকীয়ে শাৰীৰিক ভাবে প্ৰহাৰ কৰিছিল।

প্ৰীটিছ চাংমাই কোনোমতে নিজৰ জীৱন বচাই ঘটনা সন্দৰ্ভত বকো আৰক্ষীক অৱগত কৰিছিল। গামেৰীমূৰা বজাৰ উন্নয়ন সমিতিৰ সভাপতি বীৰেন কাকতীয়ে ভাতৃঘাটী সংঘৰ্ষৰ বাবে কুচক্ৰান্ত চলাই অহা মেঘালয়ৰ লোকক সংবাদ মাধ্যমৰ জৰিয়তে তীব্ৰ গৰিহণা দিয়ে। অসমৰ বকোৰ গামেৰীমূৰা সাপ্তাহিক বজাৰখন খণ্ডিত কৰা কাৰ্যক ক্ষোভিত সভাপতি গৰাকীয়ে ৰাজ্য চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।

অন্যথা অনাগত দিনত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলিও সভাপতি গৰাকীয়ে মতপোষণ কৰে। মন কৰিবলগীয়া যে,অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ সীমান্তৰ কেইবাটাও অঞ্চলত মেঘালয়ে ভূমি আগ্ৰাসন চলাই আছে।

অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ সীমান্ত বিশেষভাবে চিৰসেউজ লাম্পী,তাৰাবাৰী,গীজাং আৰু হাহিম অঞ্চলত মেঘালয়ে দীৰ্ঘদিন ধৰি ভূমি আগ্ৰাসন চলাই আহিছে। শেহতীয়াকৈ অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীদ্বয়ে বাৰটাকৈ বিবাদ মান অঞ্চলৰ প্ৰথম পৰ্যায়ত ছয়টা বিবাদ মান অঞ্চলৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে।

ইয়াৰ ছয়টা অঞ্চলৰ ভিতৰত বকোৰ সীমান্তৰ তিনিটাকে বিবাদ মান অঞ্চল তাৰাবাৰী, গীজাং আৰু হাহিম অঞ্চলৰ সীমা সমস্যা সমাধানৰ বাবে দুইখন ৰাজ্যৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।

ইয়াৰ পাছতো কিন্তু বকোৰ সীমান্তত মেঘালয়ৰ পৰোচনাত অসম বিদ্বষীয়ে বিভিন্ন ধৰণৰ কুঅভিসন্ধিৰে অসমীয়াৰ নিদ্ৰা হৰণ কৰিছে।

Exit mobile version