দোতমাৰ ডুমাৰীগুৰী ভিছিডিছিৰ চেয়াৰমেন বাছনিক কেন্দ্ৰ কৰি দলীয় কৰ্মীৰ প্ৰতিবাদ

কোকৰাঝাৰ জিলাৰ দোতমা উন্নয়ণ খণ্ডৰ অধিন ডুমাৰীগুৰী ভিছিডি ছিৰ চেয়াৰমেন বাচনিক কেন্দ্ৰ কৰি সৃষ্টি হৈছে সংঘাতৰ । ভিছিডিছিৰ চেয়াৰমেন ৰংগৌচা ব্ৰহ্মই অব্যাহুতি লোৱাৰ পাছত ইউপিপিএল দলৰ উমানগৰ প্ৰাইমাৰী আৰু ডুমাৰীগুৰী প্ৰাইমাৰীয়ে সৌমখূৰ ব্ৰহ্মক নিৰ্বাচিত কৰি ব্লক আৰু জিলা পৰ্যায়ত প্ৰস্তাৱ পঠায় যদিও পিএনআৰডি বিভাগৰ দায়িত্বত থকা ইএম তথা বিটিআৰৰ উপমূখ্যকাৰ্যবাহী গোবিন্দ বসুমাতাৰীয়ে ব্যক্তিগত ভাবে জাগছন বসুমাতাৰীক নিযুক্তি প্ৰদান কৰিছে ।

সেইবাবে আজি পিএনআৰডি বিভাগৰ ইএম গোবিন্দবসুমাতাৰীৰ বিৰুদ্ধে দলীয় কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ।আজিৰ প্ৰতিবাদী কাৰ্যসূচীত সৌমখুৰ ব্ৰহ্মক চেয়াৰমেন প্ৰদানৰ দাবী জনোৱাৰ লগতে গোবিন্দ বসুমাতাৰী মুৰ্দাবাদ ধ্বনীৰে ডুমাৰীগুৰী ভিছিডিছিত উত্তাল প্ৰতিবাদ জনায় ।

ডুমাৰীগুৰী ভিছিডিছিৰ অধিনত থকা ইউপিপিএল দলীয় আজি দিনৰ ১১ বজা মানত ভিছিডিছি কাৰ্যালয়ত উপস্থিত হৈ গোবিন্দ বসুমাতাৰী মুৰ্দাবাদ, ডুমাৰীগুৰী ভিছিছি জিন্দাবাদ আদি ধ্বনী দিয়ে আৰু অফিচৰ আচবাব পত্ৰ ভাঙি চুৰমাৰ কৰে ।

Exit mobile version