এসপ্তাহত সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে আঠ শতাংশতকৈও অধিক !যোৱা সাত ৰ পৰা ১৩ মাৰ্চলৈ কৰ’না-পৰিসংখ্যা বিশ্লেষণৰ পাছত এই কথা জনালে বিশ্ব স্বাস্থ্য সংস্থাই ।
সেই পৰিসংখ্যা অনুসৰি, সেই সময়ছোৱাত বিশ্বত প্ৰায় এক কোটি ১০ লাখ লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে। মৃত্যু হৈছে প্ৰায় ৪৩ হেজাৰ লোকৰ।
হু-য়ে জনাইছিল জানুৱাৰীৰ পৰা কৰ’না সংক্ৰমণৰ গ্ৰাফ ইমান বৃদ্ধি হোৱা নাই। চীন আৰু দক্ষিণ কোৰিয়াৰ দৰে এছিয়াৰ দেশসমূহৰ এইবাৰ সংক্ৰমণৰ বৃদ্ধিৰ হাৰ ২৫ শতাংশ।
যি উদ্বেগজনক বুলি দাবী কৰিছে প্ৰতিবেদনত । অৱশ্যে, বাস্তৱ পৰিস্থিতি এই পৰিসংখ্যাবোৰতকৈ অধিক গুৰুতৰ বুলি কয় বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক টেড্ৰোছ আদানোম ঘেব্ৰেয়ুচাছে ।তেওঁ কয়, “বহুতো দেশত পৰীক্ষাৰ হাৰ যথেষ্ট হ্ৰাস পাইছে। ইয়াৰ স্বত্বেও, সংক্ৰমণৰ হাৰ বৃদ্ধি হৈ আছে। ”
চীনা চৰকাৰে ইতিমধ্যে কৰ’না সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ জিনিন প্ৰদেশক সম্পূৰ্ণৰূপে পৃথক কৰাৰ সিদ্ধান্ত লৈছে। দেশৰ বিভিন্ন চহৰৰ নাগৰিকসকল গৃহবন্দী কৰিলেও সংক্ৰমণ ৰোধ কৰা সম্ভৱ নহয় । এই পৰিস্থিতিত, ছি জিনপিং চৰকাৰৰ ‘ক’ভিড-জিৰো’ ৰণনীতিক লৈ প্ৰশ্ন উত্থাপিত হৈছে।
যোৱা ২৪ ঘণ্টাত চুবুৰীয়া দক্ষিণ কোৰিয়াত চাৰি লাখৰো অধিক নতুন সংক্ৰমণ ধৰা পৰিছে। আনহাতে, আফ্ৰিকাত সংক্ৰমণ ১২ শতাংশ আৰু ইউৰোপত দুই শতাংশ বৃদ্ধি পাইছে।
চীন আৰু দক্ষিণ কোৰিয়াৰ লগতে, সংক্ৰমণ বৃদ্ধিৰ পৰিসংখ্যা আমেৰিকা , জাৰ্মানী আৰু ভিয়েটনামৰ পৰাও আহিছে।






























