Indian Railways : ৰাজধানী-শতাব্দীৰ যুগৰ অন্ত ! বৃহৎ পৰিৱর্তন আহিব ভাৰতীয় ৰেলত

photo 1442570468985 f63ed5de9086

ভাৰতত দূৰ যাত্ৰাৰ ট্রেইনৰ ভিতৰত সৰ্বাধিক দ্রুত আৰু ‘প্রিমিয়াম’ ট্রেইনৰ তালিকাত আছে ৰাজধানী আৰু শতাব্দী এক্সপ্রেছৰ নাম । অৱশ্যে এই ট্রেইনবোৰৰ যুগৰ অন্ত পৰিব লৈছে । তথ্য অনুসৰি, শীঘ্রে এই ট্রেইনবোৰৰ স্থান ল’ব ছেমি হাই স্পিড বন্দে ভাৰত এক্সপ্রেছে ।

চেয়াৰ কাৰ বন্দে ভাৰত ট্রেইন চালোৱাৰ পাছত, ৰেল মন্ত্রণালয়ে চলিত বৰ্ষত শ্লিপাৰ সুবিধাসহ বন্দে ভাৰত ট্রেইন চালোৱাৰ প্রস্তুতি লৈছে । ছেমি হাই স্পিডৰ ট্রেইনখনত সমস্ত বৈশিষ্ট্য থাকিব । লগতে বর্তমান ৰেলৱেৰ দ্রুততম ৰাজধানী এক্সপ্রেছ ট্রেইনতকৈ তিনি ঘণ্টা আগতে গন্তব্য স্থানত পোৱাব বন্দে ভাৰত এক্সপ্রেছে । সেয়ে যাত্রীসকলে এইবাৰ ৰাজধানীৰ বিপৰীতে বন্দে ভাৰতকে বাছি ল’ব বুলি ধাৰণা কৰা হৈছে । ইয়াৰ ফলত ভাৰতত ৰেলযাত্রীসকল এটা নতুন ভ্রমণ অভিজ্ঞতাৰ সাক্ষী হ’ব ।

ৰেল মন্ত্রণালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনাইছে যে বন্দে ভাৰত প্রযুক্তিত প্রতিটো কোচৰ নিজস্ব ইঞ্জিন আৰু পৃথক ব্রেকিং ছিষ্টেম আছে । সেয়ে ট্রেইনৰ সন্মুখত ইঞ্জিন স্থাপন কৰাৰ প্ৰয়োজন নাই । স্বয়ংচালিত ইঞ্জিন (এছপিই) প্রযুক্তিৰ সহায়ত বন্দে ভাৰত ট্রেইনখন খুব দ্রুত চলবলৈ সক্ষম । লগতে জৰুৰী অৱস্থাৰ ক্ষেত্রত ট্রেইনখন দ্রুত ব্রেকো ধৰিব পাৰে ।

বন্দে ভাৰত এক্সপ্রেছ ১৬০ৰ পৰা ১৮০ কিলোমিটাৰ প্রতি ঘণ্টা (ছেমি হাই স্পিড) বেগত যাব । সেয়ে ইয়াৰ ডিজাইন কৰা হৈছে । বন্দে ভাৰত এক্সপ্রেছ ট্রেইনখন এলুমিনিয়াম ধাতুৰে তৈয়াৰী হ’ব । ফলত ই পাতল আৰু কম ইন্ধন খৰচী হ’ব । যাত্রী নিৰাপত্তা আৰু সুবিধাৰ ক্ষেত্ৰত ই হ’ব বিশ্বমানৰ ।

Exit mobile version