Russia Ukraine War : ইউক্রেইনত আক্ৰমণ সম্পৰ্কত আন্তর্জাতিক আদালতত ৰাছিয়াৰ বিৰুদ্ধে ভোট দিলে ভাৰতীয় ন্যায়াধীশে

1647492685 justice bhandari

ইউক্রেইনত ৰাছিয়াক সেনা অভিযান বন্ধ কৰিবলৈ আদেশ দিলে আন্তর্জাতিক আদালতে । ইউক্রেইনত ৰাছিয়াৰ এই সামৰিক অভিযান সম্পৰ্কত আন্তর্জাতিক আদালতত নিৰ্বাচন অনুষ্ঠিত হয় । তাত ১৩খন দেশৰ ন্যায়াধীশে ৰাছিয়াৰ বিৰুদ্ধে ভোট দিছে । পক্ষত ভোট দিছে দুখন দেশৰ ন্যায়াধীশে ।

উল্লেখ্য যে, ভাৰতীয় ন্যায়াধীশ দলবীৰ ভণ্ডাৰীয়েও ৰাছিয়াৰ বিৰুদ্ধে ভোট দিছে । ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত আৰু নিৰাপত্তা পৰিষদত ভাৰতে ৰাছিয়াৰ এই আগ্রাসনী নীতিৰ বিৰুদ্ধে ভোটদানৰ পৰা বিৰত আছে, কূটনৈতিক স্তৰত বিষয়টোক লৈ আলোচনা কৰা উচিত বুলি প্রস্তাৱ দিয়াৰ সময়তে, আন্তর্জাতিক আদালতত ন্যায়াধীশ ভণ্ডাৰীৰ ৰাছিয়াৰ বিৰুদ্ধে ভোটদানে নতুন দিল্লীক অস্বস্তিত পেলাইছে বুলি মত কূটনীতিকসকলৰ ।

কোন এই দলবীৰ ভণ্ডাৰী ?

আন্তর্জাতিক আদালতত দ্বিতীয়বাৰ ন্যায়াধীশ হিচাপে নির্বাচিত হৈছে ভণ্ডাৰী । ২০১২-ত প্রথমবাৰ নির্বাচিত হৈছিল । দ্বিতীয়বাৰ নির্বাচিত হয় ২০১৮-ত । দ্বিতীয়বাৰ ব্রিটেইনৰ মনোনীত প্রার্থী ন্যায়াধীশ গ্রিনউডক পৰাভূত কৰি নির্বাচিত হয় ভণ্ডাৰী ।

বুধবাৰে ৰাছিয়া-ইউক্রেইনৰ বিষয়টোক লৈ আন্তর্জাতিক আদালতত শুনানি হয় । আদালতত কয়, “ইউক্রেইনত ৰাছিয়াৰ এই সামৰিক অভিযানক লৈ আমি অত্যন্ত উদ্বিগ্ন আৰু চিন্তিত । ৰাছিয়াই যিদৰে বল প্রয়োগ কৰিছে, সেয়া আন্তর্জাতিক নিয়ম পৰিপন্থী । দ্রুত এই সামৰিক অভিযান বন্ধ কৰক ৰাছিয়াই ।”

আন্তর্জাতিক আদালতত ১৫খন দেশৰ ন্যায়াধীশ আছে । আমেৰিকা, শ্ল’ভাস্কিয়া, ফ্রান্স, মৰক্কো, ছোমালিয়া, ইউগাণ্ডা, ভাৰত, জামাইকা, লেবানন, জাপান, জার্মানী, অষ্ট্ৰেলিয়াৰ ন্যায়াধীশসকলে আৰু এজন অস্থায়ী ন্যায়াধীশে ৰাছিয়াৰ বিৰুদ্ধে ভোট দিছে । আন্তর্জাতিক আদালতৰ এই নির্দেশৰ বিৰুদ্ধে আদালতত ভোট দিছে ৰাছিয়াৰ উপ-ৰাষ্ট্ৰপতি কিৰিল জেভৰজিয়ান আৰু চীনৰ ন্যায়াধীশ ছু হানকিনে ।

আন্তর্জাতিক আদালতত ইউক্রেইনে অভিযোগ কৰিছিল যে, লুহানস্ক আৰু ডনেৎস্কত ৰাছিয়াই যি গণহত্যাৰ অভিযোগ তুলিছে সেয়া সম্পূর্ণ ভুৱা । কেৱল সেয়াই নহয়, এই অভিযোগত অন্যায়িকভাৱে সামৰিক অভিযানো চলাইছে মস্কোৱে । ইয়াৰ পাছতেই কিয়েভ আদালতত আবেদন জনায় তেওঁলোকে যেন ৰাছিয়াক এই সামৰিক অভিযান বন্ধৰ নির্দেশ দিয়ে ।

বিগত সপ্তাহত ইউক্রেইনৰ প্রতিনিধি এন্টন কোৰিনেভিচ আন্তর্জাতিক আদালতত কয়, “ৰাছিয়াৰ এই আগ্রাসনী নীতি বন্ধ কৰিবলৈ আদালতে হস্তক্ষেপ কৰক ।” বুধবাৰে সেই গোচৰৰ শুনানি হয় । তেতিয়া আদালতে ৰাছিয়াক সামৰিক অভিযান বন্ধ কৰাৰ নির্দেশ দিয়ে ।

আদালতৰ এই নির্দেশৰ পাছতেই ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিয়ে কয়, “আন্তর্জাতিক আদালতত ইউক্রেইনৰ জয় হ’ল । আন্তর্জাতিক আইন মৰ্মে আদালতে ৰাছিয়াক সামৰিক অভিযান বন্ধৰ নির্দেশ দিছে । এই নির্দেশ পালন কৰা উচিত ৰাছিয়াই । ইয়াৰ পাছতো তেওঁলোকে যদি সেই নির্দেশ নামানে তেনেহ’লে আগন্তুক সময়ত ৰাছিয়া আৰু বিচ্ছিন্ন হৈ পৰিব ।”

Exit mobile version