প্ৰাণে মৰা ভাবুকি,হিজাব গোচৰত ৰায় দিয়া তিনি ন্যায়াধীশক ৱাই কেটেগৰিৰ নিৰাপত্তা

1644407858 hijab

হিজাব গোচৰৰ ৰায়দানৰ পাছত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ তিনিজন ন্যায়াধীশলৈ আহিছে ভাবুকিৰ ফোন । সেয়েহে, কৰ্ণাটক চৰকাৰে তিনিজন ন্যায়াধীশক ৱাই শ্ৰেণীৰ সুৰক্ষা প্ৰদান কৰাৰ সিদ্ধান্ত লয়। দেওবাৰে এই কথা জনালে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই ।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে কয়, “হিজাব গোচৰত ৰায় প্ৰদান কৰা তিনিওজন ন্যায়াধীশক আমি ৱাই শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছো। মই ডিজি আৰু আইজিক বিদানচাউদ আৰক্ষী থানাত দাখিল কৰা অভিযোগৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছো। কিছুমান মানুহে বিচাৰকসকলক হত্যা কৰাৰ নিৰন্তৰ ভাবুকি দি আছে। ”

কেইদিনমান আগতে, কৰ্ণাটক উচ্চ ন্যায়ালয়ে ৰায় দিছিল যে ইছলাম ধৰ্মত হিজাব পিন্ধাটো বাধ্যতামূলক নহয়। ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ত জয়ী হয়।

ৰায়টোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা শিক্ষাৰ্থীসকলে উচ্চতম ন্যায়ালয়লৈ যায়। শিক্ষানুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীসকলে হিজাব পৰিধান কৰাৰ সন্দৰ্ভত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল, কিন্তু আন গোচৰৰ বাবে ন্যায়ালয়ে ইয়াৰ শুনানি গ্ৰহণ কৰিব নিবিচাৰে। খাৰিজ কৰা হয় জৰুৰীভিত্তিত শুনানিৰ আবেদন ।

Exit mobile version