Daily COVID Bulletin : দেশৰ দৈনিক কৰ’না সংক্রমণ ২৪ ঘণ্টাত ১২ শতাংশ হ্ৰাস পালে, এদিনত মৃত ৩১

20210411 DLI AKS MN Covid Testing 17 1618173676584 1618369361661

কিছু পৰিমাণে হ্ৰাস পালে ভাৰতৰ দৈনিক কৰ’না সংক্রমণ । বিগত ২৪ ঘণ্টাত দেশত এহেজাৰ ৫৪৯ জন কৰ’না আক্রান্ত হৈছে । যি আগৰ দিনৰ তুলনাত ১২ শতাংশ কম । সম্প্ৰতি দেশত মুঠ ২৫ হেজাৰ ১০৬ জন সক্ৰিয় কৰ’না ৰোগী আছে ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য অনুসৰি, দেশত মুঠ কৰ’না পৰীক্ষণৰ ০.৪০ শতাংশৰ ৰিপ’র্ট পজিটিভ । বিগত ২৪ ঘণ্টাত তিনিলাখ ৮৪ হেজাৰ ৪৯৯ জনৰ কৰ’না পৰীক্ষা হৈছে । স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য অনুযায়ী এসপ্তাহ ধৰি এই সংক্রমণৰ হাৰতো বিশেষ হেৰফেৰ হোৱা নাই ।

যোৱা ২৪ ঘণ্টাত দুহেজাৰ ৬৫২ জন কৰ’নামুক্ত হৈছে । কৰ’নাত দেশজুৰি ৩১ জনৰ মৃত্যু হৈছে । অৱশ্যে মৃতসকলৰ ২০ জনৰ আগতেই মৃত্যু হৈছিল, অনথিভুক্ত এই কেইজনৰ কৰ’নাত মৃত্যু হোৱা বুলি জনাইছে কেৰালাই ।

Exit mobile version