পাকিস্তানৰ ইমৰান খান নেতৃত্বাধীন চৰকাৰে অহা ২৫ মাৰ্চৰ সদনত বিৰােধীৰ অনাস্থা প্রস্তাৱৰ সন্মুখীন হ’ব লাগিব। প্রধানমন্ত্রী হিচাপে ইমৰানৰ বাবে এই দিনটো এক গুৰুত্বপূর্ণ দিন বিবেচিত হ’ব পাৰে।
উল্লেখ্য যে পাকিস্তানৰ বিৰােধী দলে কেৱল ইমৰানৰ বিৰুদ্ধে নহয়, নেচনেল এছেম্বলিৰ অধ্যক্ষ অছদ কেইছৰৰ বিৰুদ্ধেও অনাস্থা প্রস্তাৱ দাখিল কৰিছে।
অহা ২৫ মার্চত ইমৰানৰ লগতে কেইছৰৰ ৰাজনৈতিক ভৱিষ্যৎ নির্ধাৰণ হ’ব। উল্লেখ্য যে যােৱা ২৮ মার্চত বিৰােধীয়ে চৰকাৰৰ বিৰুদ্ধে অনাস্থা উত্থাপনৰ অনুমতি বিচাৰিছিল।
পাকিস্তানৰ নেচনেল এছেম্বলীৰ অধ্যক্ষই সংবিধানৰ ৫৪ (৩) আৰু ২৫৪ অনুচ্ছেদৰ অধীনত অনাস্থা প্রস্তাৱ দাখিলৰ বাবে বিৰােধীক অনুমতি দিছিল।






























