ৰাজ্যত সক্ৰিয় হৈ পৰিছে নেকি আলফা স্বাধীন ! পুনৰ আলফালৈ সোঁত বোৱা দেখা গৈছে অসমীয়া যুৱক-যুৱতীৰ ৷ কালি নতুনকৈ পাঁচগৰাকী যুৱকে আলফা স্বাধীনত যোগদান কৰাৰ খবৰ লাভৰ পাছতেই জোকাৰণিৰ সৃষ্টি হৈছিল ৰাজ্যৰ গৃহ বিভাগত ৷ সেই পাঁচগৰাকী যুৱকৰ ভিতৰত এগৰাকী হ’ল বাগসা জিলাৰ শালবাৰীৰ গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত নিজডকুৱা গাঁৱৰ প্ৰয়াত জন্মেজয় দাসৰ কনিষ্ঠ পুত্ৰ উদ্ধৱ দাস ৷
যোৱা দেওবাৰে গুৱাহাটীলৈ যাম বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰ পৰাই সন্ধান নাছিল ২৯ বৰ্ষীয় উদ্ধৱ দাসৰ ৷ তাৰ পাছতেই কালি প্ৰশাসনৰ লোকে যুৱকগৰাকীৰ বাসগৃহত এই সংক্ৰান্তত তদন্তৰ বাবে উপস্থিত হয় ৷ তাৰ পাছতেই হুৱাদুৱা লাগে দৰিদ্ৰ পৰিয়ালটোৰ মাজত ৷ আলফা স্বাধীনত যোগদান কৰা উদ্ধৱ দাসক শীঘ্ৰে ঘৰলৈ ঘূৰি আহিবলৈ কাতৰ আহ্বান জনাইছে মাতৃ, ভাতৃৰ লগতে পৰিয়ালৰ সদস্যসকলে ৷
ইফালে, ক্ষুদ্ৰ দোকান এখনেৰে পৰিয়াল পোহপাল দিয়া যুৱকজনে কি কাৰণত আলফা স্বাধীনত যোগদান কৰিলে, তাক লৈ অঞ্চলটোত চৰ্চা আৰম্ভ হৈছে ৷