তেজপুৰত উপস্থিত বলিউদৰ দুই প্ৰবীন অভিনেত্ৰী পুনম ধিলন আৰু জিন্নত আমান

Screenshot 20220323 171916 WhatsApp

হিন্দী চলচ্চিত্ৰ জগতৰ এসময়ৰ মোহময়ী অভিনেত্ৰীদ্বয় পুণম ধিলন আৰু জিন্নত আমনে দুদিনীয়া ভ্ৰমণ সূচীলৈ আজি তেজপুৰত উপস্থিত হয়হি৷ব্ৰহ্মপুত্ৰৰ পাৰত থকা তেজপুৰৰ ঐতিহাসিক গণেশ মন্দিৰত আজি দিনৰ প্ৰায় ১-৪৫বজাত উপস্থিত হৈ দুয়োগৰাকী অভিনেত্ৰীয়ে বিঘ্নিহৰ্তাৰ প্ৰতি পূজা-অৰ্চনা আগবঢ়াই৷

উল্লেখযোগ্য যে,তেজপুৰৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী প্ৰকাশ আগৰৱালাৰ স’তে থকা ঘৰুৱা সম্পৰ্কৰ সূত্ৰে আৰু তেওঁৰ অনুৰোধ মৰ্মেই তেজপুৰত উপস্থিত হোৱা মায়ানগৰি বলিউদৰ দুয়োগৰাকী জ্যেষ্ঠ অভিনেত্ৰীয়ে কয় যে,এইবাৰ ভ্ৰমণত তেওঁলোকে কি কি স্হান দৰ্শন কৰিব সেয়া পূৰ্ব নিৰ্দ্ধাৰণ হোৱা নাই৷

তদুপৰি দুদিনতে ৰাজ্যখনৰ সকলো উল্লেখযোগ্য স্হান দৰ্শন কৰাতো সম্ভৱ নহয় বুলি উল্লেখ কৰি দুয়োগৰাকী অভিনেত্ৰীয়ে আৰু কয় যে,অসমখন হৈছে ইশ্বৰ সৃষ্ট এখন অনন্য ৰাজ্য৷

ইয়াৰ সৌন্দৰ্য আৰু মানুহৰ ব্যৱহাৰত মুগ্ধ বুলি প্ৰকাশ কৰি অভিনেত্ৰীদ্বয়ে লগতে কয় যে,তেওঁলোকে এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাব নোৱাৰিব য’দিও তেজপুৰত উপস্থিত হোৱাৰ পাছতে তেওঁলোকে পুণৰ অসম ভ্ৰমণৰ পৰিকল্পনা কৰিছে আৰু তেতিয়াই ৰাজ্যখনৰ দৰ্শন কৰিবলগীয়া স্হানসমূহলৈও যাব৷

হৰিহৰ যুদ্ধ,মহাভৈৰৱ মন্দিৰৰ প্ৰসংগত অভিনেত্ৰী পুনম ধিলনে কয় যে ইমান পৌৰাণিক গাঁথাৰে উদ্ভাসিত তেজপুৰৰ বিষয়ে আৰু অধিক জানিবৰ বাবে তেওঁ আগ্ৰহী৷বৰ্তমানেও অতি ব্যস্ততাৰ বাবেই এইবাৰ তেওঁলোক অধিক সময়লৈ আহিব নোৱাৰিলে বুলিও মন্তব্য কৰি তেজপুৰৰ গণেশ মন্দিৰৰ সৌন্দৰ্য আৰু ইয়াত বিদ্যমান প্ৰাচীন আভাষৰ বাবেও তেওঁলোক বিমুগ্ধ হোৱাৰ বিষয়ে প্ৰকাশ কৰে৷

আনহাতে,মুক্তিৰ পাছতেই দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰা হিন্দী ছবি “কাশ্মীৰ ফাইলচ” এতিয়ালৈক চোৱা নাই বুলিও অভিনেত্ৰী ধিলনে প্ৰকাশ কৰি লগতে কয় যে,ছবিখন চোৱাৰ ইচ্ছা তেওঁৰ আছে৷

তেওঁ লগতে অসমকলৈয়ো ছবি নিৰ্মাণৰ কথা চিন্তা কৰা হ’ব বুলি মন্তব্য কৰে।উল্লেখযোগ্য যে,আজি তেজপুৰতে নিশা অতিবাহিত কৰিবলগীয়া ৰূপালী পৰ্দাৰ দুইগৰাকী অভিনেত্ৰীয়ে কাইলৈ গুৱাহাটীৰ পৰা মুম্বাইলৈ উভতি যাব৷

Exit mobile version