পঞ্জাৱবাসীয়ে প্ৰত্যক্ষভাৱে মুখ্যমন্ত্ৰীক দিব পাৰিব দুৰ্নীতিৰ অভিযোগ, হেল্পলাইন নম্বৰ মুকলি

680d80f8 755d 11ec a877 d9dc5eb1ebc2 1642180748549 1642661748861

পঞ্জাৱত বিধানসভাৰ নিৰ্বাচনত আম আদমি পাৰ্টি (আপ)য়ে প্ৰতিশ্ৰুতি দিছিল যে দলে চৰকাৰ গঠন কৰিলে ৰাজ্যখনৰ পৰা দুৰ্নীতি-ভ্ৰষ্টাচাৰক বিদায় দিব । পঞ্জাৱত চৰকাৰ গঠনৰ পাছত মুখ্যমন্ত্ৰী ভগৱন্ত মান নেতৃত্বাধীন আপৰ চৰকাৰে ঘোষণা কৰি কয় যে এতিয়াৰে পৰা ৰাজ্যবাসীয়ে দুৰ্নীতিৰ প্ৰসংগত প্ৰত্যক্ষভাৱে মুখ্যমন্ত্ৰীক অভিযোগ দিব পাৰিব ।

ছহিদ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী মানে নিজৰ হোৱাটছ‌এপ্‌ নম্বৰ ৯৫০১২০০২০০ লৈ পঞ্জাৱবাসীক দুৰ্নীতিৰ প্ৰসংগত প্ৰত্যক্ষভাৱে অভিযোগ দিবলৈ অনুৰোধ জনায় । দুৰ্নীতি বিৰোধী এই হেল্পলাইন নম্বৰ মুকলি কৰি মুখ্যমন্ত্ৰীজনে কয় যে ৰাজ্যবাসীয়ে এই নম্বৰলৈ ফটো, অডিঅ’ আৰু ভিডিঅ’ প্ৰেৰণ কৰি দুৰ্নীতি ভ্ৰষ্টাচাৰৰ অভিযোগ দখল কৰিব পাৰিব ।

অভিযোগ লাভৰ লগে লগে চৰকাৰে প্ৰয়োজনীয় তদন্ত চলোৱাৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মানে ৰাজ্যবাসীক প্ৰতিশ্ৰুতি দিলে । পঞ্জাৱক দুৰ্নীতিমুক্ত কৰাৰ লক্ষ্যৰে এই হেল্পলাইন নম্বৰ মুকলি কৰা বুলি মানে জানিবলৈ দিয়ে ।

Exit mobile version