বুধৰৰ তুলনাত সামান্য বৃদ্ধি পালে দেশৰ কৰ’না সংক্রমণ । বিগত ২৪ ঘণ্টাত দেশত কৰ’না আক্রান্ত হৈছে ১৯৩৮ জন । যোৱা ২৪ ঘণ্টাত দেশত কৰ’না আক্রান্ত হৈ মৃত্যু হৈছে ৬৭ জনৰ । বিগত ২৪ ঘণ্টাত দৈনিক সংক্রমণৰ হাৰ ০.২৯ শতাংশ ।
দেশত প্রতিদিনেই কমিছে কৰ’নাৰ প্রকোপ । কেন্দ্রীয় চৰকাৰে জনাইছে, অহা ৩১ মার্চৰ পৰা মাস্ক পৰিধান কৰা আৰু শাৰীৰিক দূৰত্ব বজায় ৰখাৰ বাহিৰে সকলো ক’ভিড বিধি-নিষেধ তুলি লোৱা হ’ব । বিগত ২৪ ঘণ্টাত দেশত যি ৬৭ জনৰ মৃত্যু হৈছে ইয়াৰে কেৰালাত মৃত্যু হৈছে ৬১ জনৰ । ইয়াৰে ৫৩ জনৰ আগতেই কৰ’নাত মৃত্যু হৈছিল, কিন্তু সেয়া ইমান দিনে নথিভুক্ত হোৱা নাছিল ।
কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয় সূত্রে খবৰ, সমগ্ৰ দেশত এই পর্যন্ত ১৮০ কোটি ২৩ লাখ কৰ’নাৰ টিকা দিয়া হৈছে । সম্প্ৰতি দেশত সক্রিয় কৰ’না ৰোগীৰ সংখ্যা ২২ হেজাৰ ৪২৭ জন ।