বিশ্বজুৰি বৃদ্ধি পাইছে চাইবাৰ অপৰাধ, প্ৰতি চাৰিজনৰ এজন হৈছে আক্ৰান্ত

image 5

বিশ্বজুৰি চাইবাৰ অপৰাধৰ ঘটনা উদ্বেগজনক হাৰত বৃদ্ধি পাইছে । শেহতীয়া এক প্ৰতিবেদনৰ তথ্য অনুসৰি সাম্প্ৰতিক বিশ্বৰ মালৱেৰ, ৰেনছমৱেৰ আৰু ফিছিংগৰ দৰে চাইবাৰ অপৰাধৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে ।

ভাৰতৰ ক্ষেত্ৰত যোৱা বছৰত ২৬ শতাংশ নাগৰিক অৰ্থাৎ প্ৰতি চাৰিজন লোকৰ এজন মালৱেৰ জাতীয় চাইবাৰ অপৰাধৰ বলি হৈছিল ।

উল্লেখ্য যে ভাৰতত গোলকীয় হাৰতকৈও অধিক হাৰত চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত হৈ আহিছে । বিশ্বজুৰি ৰেনছমৱেৰ জাতীয় চাইবাৰ অপৰাধৰ হাৰ হৈছে ২১ শতাংশ, কিন্তু ভাৰতত প্ৰায় ৩০ শতাংশ প্ৰতিষ্ঠান এই ধৰণৰ চাইবাৰ অপৰাধৰ বলি হৈ আহিছে ।

Exit mobile version