বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় আঠ বজাত বোকাজানৰ খটখটী থানাৰ অন্তৰ্গত খটখটী ষ্টেট বেংকৰ সমুখৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা আৰক্ষীৰ অস্থায়ী তালাচীত এজন ড্ৰাগছ সৰৱৰাহকাৰী আটক হোৱাৰ লগতে আধা কেজি ওজনৰ সন্দেহজনক হেৰইন জব্দ কৰা হয় ৷
আৰক্ষীৰ সূত্ৰ অনুসৰি তালাচী চলি থকাৰ সময়তে এজন লোকে খোজকাঢ়ি তালাচীৰ স্থান পাৰ হ’ব খোজোতেই আৰক্ষীৰ সন্দেহ ওপজাত লোকজনক তালাচী চলায় ৷ লোকজনৰ হাতত থকা পলিথিনৰ বেগটো আৰক্ষীয়ে পৰীক্ষা কৰোতেই ওলাই পৰে ৪০টাকৈ চাবোনৰ বাকচ য’ত সমোৱাই আনিছিল সন্দেহজনক হেৰইনখিনি ৷
আৰক্ষীয়ে লগে লগে লোকজনক আটক কৰে ৷ আটকাধীন ব্যক্তিজন হ’ল বোকাজান শুৰানজানৰ বিমল পাল ৷ অৱশ্যে তেওঁৰ স্থায়ী ঠিকনা ত্ৰিপুৰাৰ যাত্ৰাপুৰত ৷
আনহাতে, ধৃত সৰৱৰাহকাৰীটোৱে হেৰইনখিনি শুকানজানত কোনো লোকক দিয়াৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰাত আৰক্ষীয়ে সাৱৰাহকাৰীটোক লগত লৈ শুকানজানলৈ গৈ থকা অৱস্থাতেই গাড়ীৰ পৰা পলাই যাবলৈ উদ্যত হয় ৷ সেই সময়ত আৰক্ষী বিষয়া নিতুল শইকীয়াই বাধা দিছিল যদিও তেওঁক সাৱৰাহকাৰীটোৱে আক্ৰমণ কৰি পলাই যায় ৷ ইয়াৰ ফলত আৰক্ষী বিষয়া নিতুল শইকীয়া গুৰুতৰভাৱে আহত হয় ৷
ইপিনে, পলাই যোৱা সৰৱৰাহকাৰীটোক ৰ’বলৈ নিৰ্দেশ দি প্ৰথমতে আৰক্ষীয়ে শূন্যলৈ এজাই গুলী ফুটাই যদিও সাৱৰাহকাৰীটো নৰখাত পুনৰ এজাই গুলী ভৰিলৈ লক্ষ্য কৰি মৰাত সৰৱৰাহকাৰীটো আঘাতপ্ৰাপ্ত হয় ৷ আৰক্ষীয়ে সাৱৰাহকাৰীটোৰ লগতে আহত হোৱা আৰক্ষী বিষয়াজনকো চিকিৎসাৰ বাবে বোকাজান সামূহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰে ৷
উল্লেখ্য, আৰক্ষীয়ে ড্ৰাগছ সৰৱৰাহকাৰী চক্ৰটোৰ বিৰুদ্ধে অনুসন্ধান অব্যাহত ৰাখিছে ৷