ইউক্ৰেইনত যুদ্ধৰ প্ৰথম অধ্যায়ৰ সামৰণি ঘোষণা কৰিলে ৰাছিয়াই

সম্পূৰ্ণ নিয়ন্ত্ৰণত আনিবলৈ সক্ষম নহ'ল

zelensky putin ukraine thumb

ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ সামৰিক অভিযানৰ প্ৰথম পৰ্যায়ৰ প্ৰায় সম্পূৰ্ণ হৈছে । ৰাছিয়াই এইবাৰ পশ্চিম ইউক্ৰেইনৰ ডনবাস্ক অঞ্চল সম্পূৰ্ণৰূপে স্বাধীন কৰাত গুৰুত্ব আৰোপ কৰিব । ৰুছ বৈদেশিক মন্ত্ৰণালয়ে কালি এই কথা প্ৰকাশ কৰে ।

বিশেষজ্ঞসকলৰ মতে, ৰাছিয়াই পৃষ্ঠপোষকতা কৰা বিচ্ছিন্নতাবাদী অঞ্চল সম্প্ৰতি নিজৰ দখললৈ অনাতে সম্প্ৰতি গুৰুত্ব আৰোপ কৰিব । এই ঘোষণাৰ দ্বাৰা ৰাছিয়াই যুদ্ধৰ প্ৰথম মাহত ইউক্ৰেইনৰ প্ৰবল প্ৰতিৰোধৰ সন্মুখীন হৈ অধিক দখলৰ প্ৰচেষ্টাৰ পৰা পিছুৱাই আহি সীমাবদ্ধ লক্ষ্যতে আবদ্ধ ৰখাৰ ইংগিত প্ৰকট কৰা বুলি একাংশ বিশেষজ্ঞৰ ভাষ্য ।

ৰুছ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে কয় যে ৰাছিয়াৰ সমৰ্থনপুষ্ট বিচ্ছিন্নতাবাদীসকলে এতিয়া ইউক্ৰেইনৰ লুহানস্ক অঞ্চলৰ ৯৩ শতাংশ আৰু ড’নেস্ক অঞ্চলৰ ৫৪ শতাংশ নিয়ন্ত্ৰণ কৰে । এই দুই অঞ্চলত মিলিত হৈ ডনবাছ গঠিত হৈছে ।

ইপিনে, ইউক্ৰেইন বাহিনীয়ে কিয়েভৰ পূবৰ লগৰসমূহ পুনৰ নিয়ন্ত্ৰণলৈ আনিছে আৰু কিয়েভ দখল কৰিবলৈ চেষ্টা কৰা ৰুছ বাহিনীয়ে পিছুৱাইছে বুলি প্ৰকাশ কৰে ব্ৰিটেইনে । এই কথা প্ৰকাশ কৰি ব্ৰিটেইনে কয় যে যুদ্ধৰ গতিৰ সলনি ই এক অন্যতম শক্তিশালী ইংগিত । কিয়েভৰ পূবৰ উপকণ্ঠ অঞ্চলৰ মেয়ৰে কয় যে ইউক্ৰেইনৰ সেনাই সমীপৱৰ্তী গাঁও পুনৰ দখল কৰিছে । সেই স্থানত প্ৰত্যাক্ৰমণ হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰি কৰ্তৃপক্ষই হেজাৰ হেজাৰ নাগৰিকক স্থান ত্যাগ কৰিবলৈ কৈছে ।

ইপিনে, ৰাছিয়াৰ উচ্চস্তৰীয় সামৰিক বিষয়াই প্ৰকাশ কৰা তথ্য অনুসৰি ইউক্ৰেইনত ১,৩৫১ জন ৰুছ সেনা নিহত হৈছে । শীৰ্ষ সামৰিক বিষয়া কৰ্ণেল জেনেৰেল ছাৰ্গেই ৰুডস্ক‌’ই লগতে কয় যে ৩,৮২৫ জন আহত হৈছে । ইপিনে, নাটোৰ মতে চাৰি সপ্তাহৰ যুদ্ধত সাত হেজাৰৰ পৰা ১৫ হেজাৰ ৰুছ সেনা নিহত হৈছে

মন কৰিবলগীয়া যে ৰাষ্ট্ৰসংঘত ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ স্থিতি সন্দৰ্ভত মন্তব্য কৰে হোৱাইট হাউছৰ জ্যেষ্ঠ বিষয়াই । হোৱাইট হাউছৰ নেচনেল ছিকিউৰিটি কাউঞ্চিলৰ ইন্দো-পেচিফিকৰ সঞ্চালক মীৰা ৰেপ হুপাৰে কয় যে ভাৰতৰ স্থিতি সন্তোষজনক নহ’লেও আশ্চৰ্যকৰ নহয় । কিয়নো, ভাৰতৰ স’তে ৰাছিয়াৰ এটা ঐতিহাসিক সম্পৰ্ক আছে । এক অনলাইন বৈঠকত মাৰ্কিন বিষয়াগৰাকীয়ে এইদৰে কয় ।

Exit mobile version