বিগত ২৪ ঘণ্টাত দেশত কৰ’না আক্রান্ত হ’ল ১,৬৬০ জন । দেশত সংক্রামিতৰ সংখ্যা হ’ল চাৰি কোটি ৩০ লাখ ১৮,০৩২ । এদিনত মৃত্যু ৪,১০০ জনৰ । এই তথ্য শনিবাৰে প্রকাশিত কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিনত ।
পুনৰ কেৰালা আৰু মহাৰাষ্ট্রত সংক্রমণ ঊর্ধ্বমুখী । দুই ৰাজ্যত কৰ’না আক্রান্তৰ সংখ্যা বৃদ্ধিৰ ফলত দেশতো তাৰ প্রভাৱ পৰিছে । লগতে মৃত্যুৰ হাৰো এই দুই ৰাজ্যত অধিক ।
কেন্দ্রৰ তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত মুঠ ২,৩৪৯ জন সুস্থ হৈ উঠিছে । দেশত কৰ’নাৰ পৰা সুস্থতাৰ হাৰ ৯৮.৭৫ শতাংশ । দেশত মুঠ চাৰি কোটি ২৪ লাখ ৮০ হেজাৰ ৪৩৬ জন সুস্থ হৈছে ।
যোৱা ২৪ ঘণ্টাত ৬,৫৮,৪৮৯টা নমুনা পৰীক্ষণ কৰা হৈছে । দেশত এই পর্যন্ত ১৮২ কোটি ৮৭ লাখ টিকাকাৰণ হৈছে ।