Coronavirus :কৰ’নাৰ স’তে নতুন যুজঁ চীনৰ ,ব্ৰিটেইনত পুনৰ বাঢ়িল সংক্ৰমণ

369539 china

দেওবাৰে, ভাৰতত সংক্ৰমণৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছিল। লাহে লাহে ক’ভিডি বিধি যিমান শিথিল কৰা হৈছে এই ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় বিমানৰ ওপৰত থকা কে’বাটাও নিষেধাজ্ঞাও উঠাই লোৱা হৈছে।

কিন্তু বিশ্বৰ পৰিস্থিতিয়ে এক বেলেগ ছবি তুলি ধৰিছে । কেবাখনো দেশত বৃদ্ধি পাইছে ক’ভিড আক্রান্ত সংখ্যা ।নতুনকৈ সংক্ৰমণ বিয়পি পৰিছে বহু দেশত ।

বিশ্ব স্বাস্থ্য সংস্থাই ইয়াৰ আগতে জনাইছিল যে বিগত দুসপ্তাহত বহু দেশতে সংক্ৰমণ সংক্ৰমণটো অভিলেখ হাৰত বিয়পিব । বৰ্তমান চীনৰ যি পৰিস্হিতি সেইয়া অতি জটিল । অতিমাৰীৰ দুবছৰৰ ভিতৰত আটাইতকৈ বেয়া সময় চলিছে ছি জিনপিঙৰ দেশত ।

শুক্ৰবাৰে,সেই দেশৰ স্বাস্থ্য বিষয়াসকলে জনাইছে যে দেশৰ বৰ্তমান পৰিস্থিতি অতি কঠিন আৰু জটিল। চীনৰ মুঠ ২০ খন প্ৰদেশত এতিয়ালৈকে ভ্ৰমণ নিষেধাজ্ঞা আৰু তলাবন্ধ জাৰি কৰা হৈছে । ইতিমধ্যে মুঠ আক্রান্ত ১০ লাখৰ অতিক্ৰম কৰিছে।

আনহাতে, ব্ৰিটেইনৰ পৰিস্থিতিও একেই। হঠাতে, পুনৰ কৰ’নাৰ উৰ্ধগতি দেখা গৈছে সেই দেশত । এসপ্তাহৰ ভিতৰত, প্ৰায় কেবালাখ লোক ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। চিকিৎসালয়ত ভৰ্তি হোৱাৰ ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে। অৱশ্যে, ভাইৰাছটোয়ে মাৰণ ৰূপ ধাৰণ কৰা নাই ।

ইফালে দক্ষিণ কোৰিয়াত, চকুৰ পলকতে বৃদ্ধি পাইছে সংক্ৰমণ ।তাত আক্ৰান্ত হৈছে তিনি লাখ ১৮ হেজাৰ ১৩০জন,মৃত্যু হৈছে ২৮২ জনৰ । কিন্তু আগৰ তুলনাত সামান্য হ্ৰাস পাইছে দৈনিক সংক্ৰমণৰ ।

Exit mobile version