Russia-Ukraine War:যুদ্ধত গৃহহীন হৈছে ইউক্ৰেইনৰ অৰ্ধেকাংশতকৈও অধিক শিশু

1648343685 world1

img

ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক আক্ৰমণ চলাই থকাৰ এমাহৰো অধিক সময় হ’ল। যোৱা এমাহ ধৰি চলি থকা যুদ্ধত ভলোডিমিৰ জেলেনস্কি চৰকাৰে তেওঁলোকৰ দেশত হেজাৰ হেজাৰ নিৰীহ নাগৰিকৰ প্ৰাণ হেৰুৱাইছে। ইয়াৰ উপৰিও, বিধ্বস্ত হৈছে ইউক্ৰেইনৰ শিশুসকলৰ জীৱন ।

এতিয়ালৈকে দুয়োখন দেশৰ মাজত সংঘৰ্ষত কমেও ১৩৬ জন ইউক্ৰেইনৰ শিশু নিহত হৈছে। ৰাষ্ট্ৰসংঘৰ শিশু সংক্ৰান্ত সংগঠন ইউনিচেফে কালি এক প্ৰতিবেদনত জনাইছে যে ইউক্ৰেইনত এতিয়াও অৰ্ধেকাংশ শিশুয়ে গৃহহীন হৈ পৰিছে।

ইউনিচেফৰ তৰফৰ পৰা কেথেৰিন ৰাছেলে জনাইছে, দ্বিতীয় বিশ্বযুদ্ধৰ পাছত এইটো প্ৰথম কোনো দেশত ইমান কম সময়ৰ ভিতৰত ইমান সংখ্যক শিশু গৃহহীন হৈছে। ইউনিচেফৰ পৰিসংখ্যা অনুসৰি, ইউক্ৰেইনৰ মুঠ ৭৫লাখ শিশুৰ ভিতৰত, প্ৰায় ৪০লাখে এতিয়া গৃহহীন।

তেওঁলোকৰ ভিতৰত কিছুমানে আন কোনো দেশত আশ্ৰয় ল’বলৈ বাধ্য হৈছে। আৰু ইয়াৰ বাকী খিনি চহৰ আৰু ঘৰ বাৰী এৰি ইউক্ৰেইনৰ আন কোনো প্ৰান্তত আছে । তেওঁলোকৰ কিছুমানৰ লগত মাতৃ থাকিলেও কিন্তু বেছিভাগৰ লগতে পিতৃ নাই। তেওঁলোকে যুদ্ধক্ষেত্ৰত যুঁজ দি আছে।

কেথেৰিনৰ ভাষাত, “এই পৰিস্থিতি স্বাভাৱিক হ’বলৈ কে’বাটাও প্ৰজন্ম লাগিব পাৰে। এই যুদ্ধপৰিস্থিতিত শিশুসকলৰ নিৰাপত্তা, অত্যাৱশ্যকীয় সকলোবোৰ বিপদত আছে। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি, যুদ্ধত আহত হোৱাৰ পাছত এতিয়া ২০০ তকৈও অধিক শিশুক বিভিন্ন চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে।

কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াসকলে উদ্বেগ প্ৰকাশ কৰিছে যে এই মুহূৰ্তত, শিশুসহ ইউক্ৰেইনৰ বেছিভাগ বাসিন্দাৰ সঠিক চিকিৎসা সেৱা প্ৰাপ্ত কৰা নাই। কিয়নো এম্বুলেন্সৰ পৰা চিকিৎসালয়লৈ – ৰাছিয়াৰ আক্ৰমণৰ পৰা কোনেও বাচিব নোৱাৰে। বহুতো চিকিৎসালয় ৰাছিয়ান সেনাৰ দ্বাৰা দখল কৰা হৈছে। তেওঁলোকৰ ওপৰত ৰোগীসকলক কবচ হিচাপে ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে।

ইউনিচেফে লগতে জনাইছে, ৰাছিয়াই জনবসতিপূৰ্ণ এলেকা বা অসামৰিক লোকক লক্ষ্য নকৰাৰ প্ৰতিশ্ৰুতি পালন কৰা নাই, কিন্তু সমগ্ৰ ইউক্ৰেইনত ৫০০ তকৈও অধিক বিদ্যালয় বা শিক্ষানুষ্ঠানআক্ৰমণ কৰিছে। খাদ্য, ঔষধ বা অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে, সমগ্ৰ ইউক্ৰেইনত খোৱা পানীও হাহাকাৰ লাগিছে।

কেথেৰিনে কয়,”মাত্ৰ কেইসপ্তাহমানৰ ভিতৰতে এই যুদ্ধই ইউক্ৰেইনৰ শিশুসকলৰ ওপৰত এক ভয়ংকৰ প্ৰভাৱ পেলাইছে। তেওঁলোকে তাৎক্ষণিক শান্তি আৰু নিৰাপত্তা বিচাৰে। শিশুৰ অধিকাৰ ৰক্ষা কৰা। হওক ”

Exit mobile version