অসম চৰকাৰ সম্পূৰ্ণ বিফল হৈছে : আমছুৰ সভাপতি ৰেজাউল কৰিম

সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আজি চিৰাং জিলা সদৰ কাজলগাঁৱত এনআৰচিৰ ৰিভেৰিফিকেচন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অসম চৰকাৰ সম্পূৰ্ণ বিফল হৈছে । মূল্যবৃদ্ধিকে আদি কৰি বিভিন্ন সমস্যাই মূৰ দাঙি উঠাত সেইসমূহ সমাধানত বিফল মুখ্যমন্ত্ৰীজনে মানুহৰ চিন্তাধাৰা অইনফালে ঢাল খুৱাবলৈ এনআৰচিৰ প্ৰসংগ পুনৰ বিতৰ্কৰ মাজত আনিছে ।

এইখন এনআৰচি আমি কৰা নাছিলো । উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত বিজেপি নেতৃত্বাধীন চৰকাৰখনেই কৰিছিল । গতিকে ইয়াত কিবা মনে সজা সিদ্ধান্ত ল’ব সেয়া আমি মানি নলওঁ আমি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম বুলিও হুংকাৰ দিয়ে ।

আমছুৰ সভাপতিজনে লগতে আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱাক উভতি ধৰি কয় আমছু বাংলাদেশীৰ ৰক্ষক নহয় । বাংলাদেশী ওলিয়াই দিয়ক আমি ব্যৱস্থা ল’ম । অসম চুক্তিৰ ৰূপায়ণহে বিচাৰিছো আমি । অসম চুক্তি আমি কৰা নাছিলো আছুয়েহে কৰিছে । এনআৰচি আমি বিচৰা নাছিলো আছুয়েহে বিচাৰিছে । গতিকে অসম চুক্তি অনুসৰি ৭১চনৰ পাছৰ মানুহ বিচাৰিছো আমি ।

এনআৰচি লৈ মিঠাই আমি খোৱা নাছিলো আছুয়েহে খাইছিল । উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত এনআৰচিৰ কাম তেওঁলোকেহে চোৱাচিতা কৰিছিল আমি কৰা নাছিলো । গতিকে আমছুয়ে কাৰো ৰঙা চকু কেৰেপ নকৰে বুলি সকীয়নি প্ৰদান কৰে ।

Exit mobile version