বংগৰ ৰেল ষ্টেচনত গ্ৰেপ্তাৰ বাংলাদেশী যুৱক 

দিল্লী যোৱাৰ চেষ্টা কৰাত গ্ৰেপ্তাৰ যুৱকজন

WhatsApp Image 2022 03 28 at 2.39.20 PM

অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰত নিশা এজন বাংলাদেশীক গ্ৰেপ্তাৰ কৰে ৰেল সুৰক্ষা বাহিনীয়ে ।

ৰেল সুৰক্ষা বাহিনীৰ এটা দলে আন দিনাৰ দৰে অভিযান চলাই বাংলাদেশীজনক আটক কৰে । নিউ কোচবিহাৰ ৰেল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰা হয় যুৱকজনক ।

বাংলাদেশী যুৱকজন নামনিমুৱা ব্ৰহ্মপুত্ৰ ৰেল যোগে দিল্লী যাবলৈ নিউ কোচবিহাৰ ৰেল ষ্টেচনৰ জিৰণি কক্ষত ৰেলৰ বাবে অপেক্ষা কৰি থকা অৱস্থাত ৰেল সুৰক্ষা বাহিনীয়ে আটক কৰি সোধা-পোছা কৰাৰ অন্তত জোলোঙাৰ মেকুৰী ওলাই পৰে । ৰেল সুৰক্ষা বাহিনীয়ে যুৱকজনক আটক কৰি জেৰা কৰে যদিও সঠিক উত্তৰ দিব নোৱাৰাৰ বাবে সন্দেহৰ সৃষ্টি হয় । পাছত ভালদৰে জেৰা কৰাৰ অন্তত বাংলাদেশী বুলি নিশ্চিত হয় ।

যুৱকজনৰ হাতত কোনো নথি পত্ৰ নাছিল । কেনেকৈ বংগত প্ৰৱেশ কৰিলে সেই কথাই সন্দেহৰ সৃষ্টি কৰিছে । যুৱকজন বাংলাদেশৰ কমিলা জিলাৰ মাইজচৰ গাঁৱৰ মফাজলৰ পুত্ৰ জুৱেল মিঞা (২৮) বুলি চিনাক্ত কৰা হৈছে । বৰ্তমান ৰেল আৰক্ষীৰ জিম্মাত আছে‌ ।

Exit mobile version