নিবনুৱা ৮.২৪ শতাংশলৈ বৃদ্ধি

photo

দেশত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা । প্ৰতি সপ্তাহতে বৃদ্ধি পাইছে নিবনুৱাৰ হাৰ । কেন্দ্ৰ‌ই দেশত কৰ্মসংস্থান বৃদ্ধিৰ দাবী কৰিলেও ভাৰতীয় অৰ্থনীতিৰ নিৰীক্ষণকাৰী সংস্থা চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি (চিএম‌আইই)ৰ শেহতীয়া প্ৰতিবেদনত ইয়াৰ বিপৰীত ছবি এখনহে প্ৰকাশ পাইছে ।

সংস্থাটোৰ সমীক্ষাই জনাইছে যে যোৱা ২৭ মাৰ্চত অন্ত পৰা সপ্তাহটোত দেশৰ নিবনুৱাৰ হাৰ ৮.২৪ শতাংশলৈ বৃদ্ধি হৈছে । ইয়াৰ ভিতৰত গাঁও অঞ্চলত বৃদ্ধিৰ হাৰ ৮.৫৫ শতাংশ আৰু চহৰাঞ্চলত বৃদ্ধিৰ হাৰ ৭.৫৬ শতাংশ । ইয়াৰ পূৰ্বে ২০ মাৰ্চত সমাপ্ত হোৱা সপ্তাহত নিবনুৱাৰ হাৰ বৃদ্ধিৰ সামগ্ৰিক হাৰ আছিল ৭.৮৬ শতাংশ । সেইদৰে উক্ত সপ্তাহত গাঁৱত ৭.৮১ আৰু চহৰত ৭.৯৭ শতাংশ নিবনুৱা বৃদ্ধিৰ হাৰ আছিল ।

‘চিএম‌আইই’ৰ এই সমীক্ষাৰ বিপৰীতে সোমবাৰে কেন্দ্ৰীয় শ্ৰমমন্ত্ৰী ভূপেন্দ্ৰ যাদৱে সংসদত দাবী কৰে যে দেশত কৰ্মসংস্থানৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে । কিয়নো কেন্দ্ৰ‌ই সেই লক্ষ্যত ‘সন্তোষজনক তথা যথাৰ্থ’ পদক্ষেপ গ্ৰহণ কৰিছে ।

মন্ত্ৰীজনে ইয়াৰ যুক্তিৰূপে মেক ইন ইণ্ডিয়া, আবাস যোজনা, গতি শক্তিৰ দৰে বিভিন্ন আঁচনিৰ তালিকাও দিয়ে । আনহাতে, ৰাজ্যসভাত অসামৰিক বিমান পৰিবহণ ৰাজ্যমন্ত্ৰী ভি কে সিঙে কয় যে ২০২০ৰ এপ্ৰিলৰ পৰা ২০২১ৰ ডিচেম্বৰ পৰ্যন্ত বিমান কোম্পানী, বিমানকোঠ, গ্ৰাউণ্ড হেণ্ডলিং কোম্পানী আৰু বিমানত পণ্য পৰিবহণৰ ক্ষেত্ৰত কাম হেৰুৱাইছে ১৯ হেজাৰ দুশজনে ।

Exit mobile version