এইবাৰ ‘দ্য কাশ্মীৰ ফাইলছ’ক প্রশংসা অভিষেক বচ্চনৰ

download

বক্স অফিচত এতিয়াও ব্যৱসায় অব্যাহত ৰাখিছে কাশ্মীৰী পণ্ডিতৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা বলিউডৰ চলচ্চিত্র ‘দ্য কাশ্মীৰ ফাইলছ’-এ।

এইবাৰ বিবেক অগ্নিহােত্রী পৰিচালিত এইখন ছবিক প্রশংসা কৰিলে অভিনেতা অভিষেক বচ্চনে। অভিষেকে নিজৰ মুক্তিৰ অপেক্ষাত থকা ছবি ‘দশভি’ৰ প্ৰচাৰত অংশ লােৱাৰ সময়ত সাংবাদিকে চলচ্চিত্র আৰু ৰাজনীতিৰ প্ৰসংগত প্রশ্ন কৰাত এইদৰে কয়, “আপুনি ‘দ্য কাশ্মীৰ ফাইলছ’ৰ কথা কৈছিল, ছবিখনক লৈ সর্বত্র আলােচনা হৈছে।

আপুনি যিয়েই নকওক, ছবিখনৰ স’তে ৰাজনীতিৰ ৰং সানিবলৈ চেষ্টা কৰক, সাম্প্রদায়িকতাক জড়িত কৰক—সেয়া আপােনাৰ বাক স্বাধীনতা। কিন্তু যদিহে এই ছবিখন এখন ভাল ছবি নহ’লহেঁতেন তেন্তে কেতিয়াও বক্স অফিচত নচলিলহেঁতেন।

আপুনি নানা কাৰণ উলিয়াব পাৰিব, ইয়াৰ প্ৰভাৱক আলােচনা কৰিব পাৰিব। কিন্তু এখন সফল ছবিৰ মূল অর্থ হৈছে ছবিখন ভাল ছবি, সেয়েহে মানুহে চাইছে। ‘

অভিষেকে লগতে কয় যে তেওঁ ‘দ্য কাশ্মীৰ ফাইলছ’ চোৱা নাই যদিও যিসকল লােকে ছবিখন চাইছে তেওঁলােকে ভাল বুলি কৈছে।

Exit mobile version