Russia-Ukraine Conflict : বুচাতকৈও ভয়াৱহ দৃশ্য অপেক্ষা কৰিছে বৰ’ডিয়াংকাত, দাবী ইউক্রেইনৰ ৰাষ্ট্ৰপতিৰ

6249c477e22adb0018d1c5d2

ইউক্রেইনৰ চহৰ বুচাত ৰুছ বাহিনীৰ নৃশংসতা দেখি শিঁয়ৰি উঠিছিল সমগ্ৰ বিশ্ব । মঙলবাৰে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিয়ে জনালে, বুচাতকৈও ভয়াৱহ অৱস্থা ইউক্রেইনৰ চহৰ বৰ’ডিয়াংকাৰ । তথা সেই সকলোবোৰ চহৰৰ য’ৰ পৰা ৰুছ বাহিনী সম্প্ৰতি প্ৰত্যাহাৰ কৰা হৈছে ।

এটা ভিডিঅ’ বার্তাত জেলেনস্কিয়ে দাবী কৰিছে, এই চহৰসমূহত অত্যাচাৰিত আৰু নিহত সাধাৰণ নাগৰিকৰ সংখ্যা বুচাতকৈ কে’বা গুণো বেছি । এই অঞ্চলবোৰত ৰুছ বাহিনীয়ে যিদৰে নৃশংসতা চলাইছে, ই ৮০ বছৰ আগৰ নাৎছি অত্যাচাৰকো লজ্জানত কৰিব ।

দেওবাৰে ইউক্রেইনৰ বুচা চহৰত ৰুছ সেনাৰ অত্যাচাৰৰ ভয়াৱহতা প্রকাশ্যত আহে । এটাৰ পাছত এটা গণকবৰ, তিনিশৰো অধিক নাগৰিকৰ মৃত্যু, মৃত মহিলাসকলৰ শৰীৰত পুৰা স্বস্তিক চিহ্নৰ দাগ আনকি ১০ বছৰীয়া বালিকাৰ গোপনাংগত আঘাত আৰু অত্যাচাৰৰ চিহ্নও স্পষ্ট ।

যি দেখি সমালোচনাৰ বান আহিছে বিশ্বত । ইউক্রেইনৰ পার্লিয়ামেন্টৰ এজন সদস্য‌ই ৰুছ বাহিনীৰ এই অত্যাচাৰৰ নিন্দা কৰি জনাইছে, ৰাছিয়াৰ সেনাৰ লালসাৰ হাতৰ পৰা ৰেহাই পোৱা নাই শিশুৱেও ।

ভিডিঅ’ বার্তা- ইউক্রেইনৰ ৰাষ্ট্ৰপতিয়ে কৈছে, ‘‘বুচাৰ দৰে বৰ’ডিয়াংকা আৰু অন্যান্য চহৰবোৰৰ মানুহ কি দৰে ৰুছ বাহিনীৰ হাতত অত্যাচাৰিত হৈছে তাৰ যাৱতীয় তথ্য সংবাদমাধ্যমৰ আগত আনিব বিচাৰিছো আমি । আমি বিচাৰো, সাংবাদিকসকল এইসমূহ চহৰত আহক । সমগ্ৰ বিশ্বকে জনাওক ৰাছিয়াই আমাৰ প্রিয় ইউক্রেইনৰ কি অৱস্থা কৰিছে ।’’

লগতে জেলেনস্কিৰ শংকা, ৰাছিয়াই তেওঁলোকৰ সর্বশক্তিৰে এই সমস্ত অত্যাচাৰৰ চিহ্ন মছি পেলোৱাৰ চেষ্টা কৰিব পাৰে । তদুপৰি তেওঁলোকে তথ্য বিকৃতো কৰিব পাৰে বুলি সতর্ক কৰিছে ইউক্রেইনৰ ৰাষ্ট্ৰপতিয়ে ।

ৰুছ বাহিনীক ৰোধ কৰিবলৈ বিশ্বৰ শক্তিশালী দেশসমূহক তেওঁৰ আবেদন, ইউক্রেইনত আৰু অস্ত্র প্ৰেৰণ কৰক । তেওঁ জনাইছে, ইউক্রেইনৰ হাতত প্রয়োজনীয় অস্ত্র নাই । যদি থাকিলে হয়, বুচা, বৰ’ডিয়াংকাৰ দৰে ঘটনা সংঘটিত নহ’ল হয় ।

Exit mobile version