Russia-Ukraine War : ‘ভাৰত শান্তিৰ পক্ষে, এতিয়াই বন্ধ হ‌ওক যুদ্ধ’, ইউক্রেইন-ৰাছিয়াক লৈ লোকসভাত বিবৃতি বৈদেশিক মন্ত্রীৰ

997306 972317 jaishankar

ৰাছিয়া-ইউক্রেইন যুদ্ধৰ (Russia-Ukraine War) ফলত অস্থিৰ বিশ্বৰ ৰাজনীতি । এনে পৰিস্থিতিত ভাৰতৰ অৱস্থানক লৈ দেওবাৰে প্রশ্ন উত্থাপন হৈছে । বিভিন্ন ক্ষেত্রত দেখা গৈছে, আন্তর্জাতিক মঞ্চত ভাৰত ৰাছিয়াৰ (Russia) বিৰুদ্ধে ভোট দিয়াৰ পৰা বিৰত আছে ভাৰত । যি দেখি আন্তর্জাতিক ৰাজনৈতিক মহলে কৈছে, ভাৰতৰ অৱস্থানে ৰাছিয়া ঘনিষ্ঠতাৰ পৰিচয় দিছে । এনে পৰিস্থিতিত বুধবাৰে ৰাছিয়া-ইউক্রেইনৰ যুদ্ধক লৈ সংসদত বিবৃতি দিলে বৈদেশিক মন্ত্রী এছ জয়শংকৰে (FM S Jaishankar) । তেওঁ কয়, “ভাৰত কেৱল শান্তিৰ পক্ষত । যথা দ্রুত সম্ভৱ হিংসা ৰোধ কৰা হওক ।”

আজি ৰাষ্ট্রসংঘত ইউক্রেইনৰ বুচা (Bucha Killing) চহৰৰ গণহত্যাৰ তীব্র নিন্দা কৰিছে ভাৰতে । দাবী কৰিছে স্বাধীন তদন্তৰো । ইয়াৰ পাছতেই সংসদত ৰাছিয়া-ইউক্রেইন বিবাদ সন্দৰ্ভত বিবৃতি দিলে বৈদেশিক মন্ত্রীয়ে । সংসদত জয়শংকৰে কয়, “ভাৰতে কূটনৈতিকভাৱে চেষ্টা কৰি আছে যাতে এতিয়াই ৰক্তক্ষয়ী এই হিংসা বন্ধ হয় । ইউক্রেইন-ৰাছিয়াৰ মাজত আলোচনাৰ পক্ষত প্ৰশ্ন কৰিছো আমি । চেষ্টা কৰিছো যাতে দুই দেশৰ ৰাষ্ট্ৰপতিৰ মাজত আলোচনা আৰম্ভ হয় । আনকি, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও (PM Narendra Modi) এই বিষয়ত দুজনৰ স’তে কথা পাতিছে ।”

যুদ্ধ পৰিস্থিতিতেই ভাৰত ভ্ৰমণত আহিছিল ৰুছ বৈদেশিক মন্ত্রী চেৰগেও লাভৰভ । ইয়াক লৈও বিস্তৰ সমালোচনা হৈছিল । এই প্রসংগত লোকসভাত ভাৰতীয় বৈদেশিক মন্ত্রীৰ সংযোজন, “ৰাছিয়াৰ বৈদেশিক মন্ত্রী চেৰগেও লাভৰভে যেতিয়া দিল্লীত আহিছিল তেওঁকো এই বার্তা দিয়া হয় । যদি ভাৰতে এই বিষয়ত কোনো সহায় কৰিব পাৰে, তেনেহ’লে আমি নিশ্চয় নির্দিষ্ট ভূমিকা পালন কৰিম ।”

উল্লেখ্য যে, এক মাহৰো অধিক সময় ধৰি চলা ৰুছ আক্ৰমণত এয়ে প্রথম কিয়েভৰ আশ-পাশৰ ৩০টা চহৰ আৰু গাঁৱৰ দখল কৰিব পাৰিছে ইউক্রেইনৰ বাহিনীয়ে । তাৰ পাছতেই আক্ৰমণকাৰী বাহিনীৰ হাতৰ পৰা উদ্ধাৰ হোৱা অঞ্চলসমূহৰ ভয়াৱহ ছবি জনসমক্ষত উত্থাপিত হৈছে । দেওবাৰে ইউক্রেইনৰ বুচা চহৰত ৰুছ বাহিনীৰ অত্যাচাৰৰ ভয়াৱহতা দেখি কঁপি উঠে বিশ্ব । এনে পৰিস্থিতিত ৰাষ্ট্রসংঘত বিবৃতি দিছে ভাৰতে । এইবাৰ সংসদত বিবৃতি দিলে বৈদেশিক মন্ত্রীয়ে ।

Exit mobile version