ধেমাজিত শ শ হেক্টৰ নহৰু খেতি নষ্ট

চ'ত মহীয়া আবতৰীয়া বানত বুৰ গ'ল সৰিয়হ-আলু-পিয়াঁজ, নাও লৈ ফচল উদ্ধাৰৰ চেষ্টা

ধেমাজিত চ’ত মহীয়া আবতৰীয়া বানত নষ্ট শ শ হেক্টৰ নহৰু খেতি । ব্ৰহ্মপুত্ৰ আৰু লালী নৈ পাৰত খেতিয়কে শৰীৰ ঘাম মাটিত পেলাই নহৰু খেতি কৰিছিল নিজৰ গাঁঠিৰ ধন ভাঙি । তজবজীয়া হৈ আহিছিল নহৰু খেতি । হাঁহি বিৰিঙাই তুলিছিল আগৰ দৰে চহা কৃষকক নহৰু খেতিয়ে ।

বসন্তত নহৰু বিক্ৰী  কৰিয়ে সহস্ৰাধিক পৰিয়ালে ৰঙালীক আদৰাৰ লগতে জীৱন-জীৱকাৰ একমাত্ৰ সম্বল হিচাপে ব্যৱহাৰ কৰি আহিছে নৈ পৰীয়া কৃষক ৰাইজে । নহৰু খেতিয়ে আছিল নৈপৰীয়া কৃষকসকলৰ একমাত্ৰ জীৱন জীৱিকা । কিন্তু, কৃষকৰ সপোন এইবাৰ চূৰমাৰ কৰিলে চ’ততে অহা আবতৰীয়া বানে ।

হাত নাও লৈ নহৰু উঘালাৰ চেষ্টা কৃষকৰ । অচল হৈ পৰিছে কৃষকৰ সোণগুতি ফচল । ব্ৰহ্মপুত্ৰ আৰু লালী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলালে সমগ্ৰ খেতি-পথাৰ ।বিষেশকৈ ৰাজ্যত নেৰেনেপেৰা বৰষুণৰ ফলত ধেমাজি, জোনাই সমষ্টিৰ চমকং গাঁও পঞ্চায়তৰ লালী নৈ পাৰৰ অপ্সৰা, চিভিল কৈৱৰ্ত, লামা আদি কে’বাখনো গাঁৱত নহৰু, সৰিয়হ, আলু খেতি এআঁঠু-একঁকাল পানীৰ মাজত গেলিবলৈ ধৰিছে ।

নহৰু খেতিৰ বাবে বিখ্যাত ব্ৰহ্মপুত্ৰ পাৰৰ এই গাঁও অঞ্চলৰ লোকৰ বাবে এইবাৰৰ অকস্মাতে অহা বানে কাল হৈ পৰা বুলি উল্লেখ কৰে ভুক্তভূগী খেতিয়কে । কাৰণ চ’ত মাহতে কেতিয়াও বানপানী হোৱা নাছিল উক্ত গাঁও অঞ্চলত । এই ক্ষেত্ৰত অকস্মাতে এই বান ক’ৰ পৰা আহিল ইয়াক লৈ সন্দেহ প্ৰকাশ কৰিছে খেতিয়ক ৰাইজে । এয়া চীন আৰু অৰুণাচল প্ৰদেশৰ নদীবান্ধৰ অতিৰিক্ত পানী এৰি দিয়াৰ ফল বুলিও সন্দেহ কৰে ৰাইজে ।

কৃষি প্ৰধান গা‍ঁওকেইখনত বিগত বছৰৰ দৰে নহৰু বিক্ৰী কৰি ৰঙালী বিহুৰ আনন্দ লোৱাৰ পৰিৱৰ্তে, এইসকল খাটি খোৱা গঁঞা ৰাইজে মূৰে-কপালে হাত দিব লগাত পৰিছে । আনহাতে, এই খবৰ জনপ্ৰতিনিধি তথা জিলা কৃষি বিভাগক জনোৱাৰ পাছতো গেলি-পচি যোৱা খেতিয়কৰ ফচল চাবলৈ নহাত ক্ষুব্ধ হৈ পৰে ৰাইজ ।

আনহাতে, সোঁনাৰিঘাট, মেদিপমুৱা, দীঘলী পামতো জৈৱিক পদ্ধতিৰে উৎপাদন কৰা শ শ বিঘা নহৰু খেতি আৱতৰিয়া বানে নষ্ট কৰাৰ খবৰ আমালৈ আহে । মুক্তিয়াৰ গাঁও পঞ্চায়ত মেদি পমুৱা, সোণাৰীঘাট, দেউৰীঘাট, দিঘলীপাম, চুমনিয়াকে ধৰি ১০ খন গাঁৱৰ কৃষক ৰাইজেও বাৰিষাৰ পূৰ্বেই ব্ৰহ্মপুত্ৰ নদীৰ প্ৰথমটো বানত শ শ হেক্টৰ নহৰু, সৰিয়হ খেতি নষ্ট হোৱা বুলি কয় ।

এই ক্ষেত্ৰত প্ৰকৃত খেতিয়কৰ নষ্ট হোৱা পথাৰ তদন্ত কৰি চৰকাৰ প্ৰশাসনক একালীন ক্ষতিপূৰণ দিবলৈ কৃষক নেতা ভৱেন হালৈ, অৰূপ গগৈ আৰু প্ৰকৃতি কৰ্মী টিকেন কাকতিয়ে আহ্বান জনাইছে ।

Exit mobile version