দেশত আৰু হ্ৰাস পালে কৰ’না সংক্ৰমণ । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া দৈনিক কৰ’না পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশত কৰ’না আক্রান্ত হৈছে এহেজাৰ ৩৩ জন । যি বুধবাৰৰ তুলনাত ৪.৮ শতাংশ কম । বুধবাৰে দেশত কৰ’না আক্রান্ত হৈছিল এহেজাৰ ৮৬ জন ।
যোৱা ২৪ ঘণ্টাত কমিছে কৰ’না আক্রান্তৰ মৃত্যুৰ সংখ্যাও । বৃহস্পতিবাৰে দেশত মৃত্যু হৈছে মুঠ ৪৩ জনৰ ।
৪৩ জনৰ ভিতৰত কেৱল কেৰালাতেই মৃত্যু হৈছে ৩২ জনৰ । তাৰ ভিতৰত ২৯ জনৰ কৰ’না আক্রান্ত হৈ আগতেই মৃত্যু হৈছিল । কিন্তু নথিভুক্ত হোৱা নাছিল ।
দেশত ক্রমে নিম্নমুখী কৰ’নাৰ লেখচিত্র । কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রণালয়ে দিয়া দৈনিক কৰ’না পৰিসংখ্যা অনুযায়ী, দেশত দৈনিক সংক্রমণৰ হাৰ কমি হৈছে ০.২১ শতাংশ ।
সমগ্ৰ দেশতে এই পর্যন্ত মুঠ ১৮৫ কোটি ২০ লাখ কৰ’নাৰ টিকা দিয়া হৈছে । সম্প্ৰতি দেশত মুঠ সক্রিয় কৰ’না ৰোগীৰ সংখ্যা ১১,৬৩৯ জন ।