কলিয়াবৰৰ ২৯ বিহু সমিতিক ১.৫ লাখকৈ সাহাৰ্যৰ চেক বিতৰণ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

WhatsApp Image 2022 04 11 at 6.29.52 PM

নগাঁও জিলাৰ কলিয়াবৰৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত আজি আয়োজিত এক অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই কলিয়াবৰ মহকুমাৰ ৰঙালী বিহু সমিতিসমূহলৈ বিত্তীয় সাহাৰ্যৰ চেক প্ৰদান কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভণি কৰে।

প্ৰতি বৰ্ষতে সংক্ৰান্তিৰ পৰা ছয় বহাগলৈকে ৰঙালী বিহু উদযাপন কৰা আৰু কমেও দহ বছৰ অতিক্ৰম কৰা মহকুমাটোৰ ২৯খন বিহু উদযাপন সমিতিলৈ এই সাহাৰ্য আগবঢ়োৱা হৈছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত ৰাজ্যত ৰঙালী বিহু সমিতিসমূহক এইবাৰ বিহু উদযাপনৰ বাবে ৰাজ্য চৰকাৰৰ ফালৰ পৰা ১.৫০ লাখ টকাকৈ এককালীন বিত্তীয় সাহাৰ্য আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে।

বিহু সমিতিসমূহে হেপাঁহৰ ৰঙালী বিহুটি উদযাপনেৰে আমাৰ বাৰে ৰহনীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰসাৰ আৰু সংবৰ্দ্ধনত অৰিহণা যোগাই অহা বুলি সাহাৰ্য বিতৰণী অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী মহন্তই উল্লেখ কৰে।

আজিৰ এই বিত্তীয় সাহাৰ্য প্ৰদান অনুষ্ঠানত কলিয়াবৰৰ মহকুমাধিপতি, চক্ৰ বিষয়াৰ লগতে মহকমাটোৰ ৰঙালী বিহু উদযাপন সমিতিসমূহৰ সভাপতি আৰু সম্পাদকসকল উপস্থিত থাকে।

Exit mobile version