বোকাজানৰ বৰপথাৰত ৫০ লাখ টকাৰ কানি জব্দ, দুজনক আটক

WhatsApp Image 2022 04 11 at 5.18.27 PM

বোকাজান মহকুমাৰ বৰপথাৰ থানাৰ অন্তৰ্গত খাকৰাজানত আজি বৃহৎ পৰিমাণৰ কানিসহ দুই সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷

আৰক্ষীৰ সূত্ৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত খাকৰাজানত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত তালচীৰ ব্যৱস্থা কৰা হয় ৷ সেই সময়তেই নগালেণ্ডৰ ডিমাপুৰৰ দিশৰ পৰা অহা জি.জে.১২এ.টি.৬১২৯ নম্বৰৰ এখন আলকতাৰা কঢ়িয়াই অনা টেংকাৰ তালাচী কৰোতেই ৪২ পেকেট কানি জব্দ কৰে, যাৰ ওজন ৪৫ কেজি ৷

কানিখিনি টেংকাৰখনৰ কেবিনত সোমোৱাই আনিছিল ৷ এই সংক্ৰান্তত আৰক্ষীয়ে টেংকাৰখনত অহা দুজন লোকক আটক কৰে ৷

আটকাধীন দুজন হ’ল ৰাজস্থানৰ বাবুলাল বিস্নি আৰু জালাৰাম বিস্নি ৷ আৰক্ষীৰ প্ৰাথমিক জেৰাত ব্যক্তি দুজনে কানিখিনি বাইহাটা চাৰিআলিত কোনো লোকক দিয়াৰ কথা আছিল বুলি জনাইছে ৷

Exit mobile version