বিহু সংস্কৃতিক জাকত জিলিকাকৈ জীয়াই ৰখাটো অসমবাসীৰ নৈতিক দায়িত্ব : মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম

শালবাৰীত ইউপিপিএলৰ ৰঙালী বিহু উদ্‌যাপন

বিহু সংস্কৃতিক জাকত জিলিকাকৈ জীয়াই ৰখাটো অসমবাসীয়ে নৈতিক দায়িত্ব হিচাপে ল’ব লাগিব ।অসমৰ মাটিত প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ নিজৰ বিহুৰ স্বকীয়তাৰে ৰঙালী বিহুক সুৰক্ষিত কৰি ৰাখিবই লাগিব । কাৰণ বিহু অসমৰ জাতীয় অস্তিত্ব । এইদৰে কয় অসম চৰকাৰৰ মন্ত্ৰী তথা সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিক উৰ্খাও গৌৰা ব্ৰহ্মই আজি শালবাৰীত ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ উদ্যেগত উদযাপিত ৰঙালী বিহু সন্মিলনত মুখ্য অতিথিৰ ভাষণত ।

মন্ত্ৰী ব্ৰহ্মই তেওঁৰ ভাষণত সমন্বয়ৰ সমাজ প্ৰতিষ্ঠা কৰিবলৈ সংস্কৃতি লাগিবই বুলিও কয় । শালবাৰী মহাবিদ্যালয়ৰ বাকৰিত উদ্‌যাপিত ৰঙালী বিহু সন্মিলনত আজি পুৱাৰ ভাগত ইউপিপিএলৰ পতাকা উত্তোলন কৰে ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ সভাপতি বিখন গয়াৰীয়ে । ৰঙালী বিহুৰ পতাকা উত্তোলন কৰে বিশিষ্ট কবি-সাহিত্যিক কালিচৰণ উজিৰে । স্মৃতি তৰ্পণ কাৰ্যসূচী আম্ভ কৰে ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ সম্পাদক সুৰেশ সৰকাৰে ।

শান্তি-সমন্বয়ৰ বাবে মুকলি আকাশৰ তলত পাৰ চৰাই উৰুৱাই দিয়ে ক্ৰমে শালবাৰী মহকুমা নিৰ্বাচনী বিষয়া অনুস্মিতা দত্ত, শালবাৰী টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মুছাহাৰী, ইউপিপিএলৰ নেতা-নেত্ৰী অইগাৰাম ৱাৰী, বিউটি বসুমতাৰী, গাঁও প্ৰধান অৰ্গাৰাম বড়োৱে ।ইয়াৰ লগতে প্ৰায় দুই সহস্ৰাধিক জ্যেষ্ঠ আৰু কণিষ্ঠৰ মাজত সেৱা-মৰম জনোৱা এক তাৎপৰ্যপূৰ্ণ কাৰ্যসূচী ৰূপায়িত হয় ।

ইয়াৰ পাছতে দুপৰীয়াৰ পৰা বজালী বিহু দলে মুকলি বিহু, কে’বাটাও বড়ো জনগোষ্ঠীয় সাংস্কৃৃৃতিক দলে লোকনৃত্য, বাঁহবাৰীৰ চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য আদি পৰিবেশন কৰে । বিহুতলীত নিমন্ত্ৰিত শিল্পীয়ে বড়ো লোক সংগীত পৰিবেশন কৰে ।

উল্লেখ্য যে ৰঙালী বিহুতলীত সমবেত অতিথিবৃন্দ, ভিন্ন জনগোষ্ঠীয় শিল্পী, উদ্যেক্তা, ৰাইজে সমবেত হৈ তথা ঐক্যবদ্ধতাৰে মুকলি আকাশৰ তলত নিজৰ নিজৰ সংস্কৃতি পৰিবেশন কৰাত এক সমন্বয়ৰ সংস্কৃতিৰ থলীলৈ ৰূপায়িত হয় বিহুতলী । লক্ষণীয়ভাৱে মন্ত্ৰী ব্ৰহ্মই বিহু, বাগৰুম্বা, ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰি ৰঙালীৰ উচ্ছাহ প্ৰদৰ্শন কৰে ।

মুকলি বিহু আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত বিশিষ্ট অতিথিৰূপে বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে ভাষণ দিয়াৰ লগতে বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মহিপাল বড়ো, ইউপিপিএলৰ কেন্দ্ৰীয় সম্পাদক তথা বিশিষ্ট অভিনেতা ফৈলা জে বৰগয়াৰী, প্ৰাক্তন এমচিএলএ অনিপ বসুমতাৰী, শালবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জগত চন্দ্ৰ বসুমতাৰীৰ লগতে কে’বাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অতিথিৰূপে উপস্থিত থাকে ।

নিশাৰ ভাগত নিমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীত পৰিবেশনেৰে সংগীতানুষ্ঠান আৰু নৃত্যানুষ্ঠান অনুষ্ঠিত হয় । কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উদ্‌যাপিত ৰঙালী বিহুৰ বাকৰিত দুয়োটা দিনতে ভলীবল প্ৰতিযোগিতাও অনুষ্ঠিত হয় ।

Exit mobile version