ইউক্রেইন যুদ্ধৰ প্রভাৱ গহণাৰ বজাৰত, আকাশলংঘী সোণ-ৰূটৰ দাম

ms8cqrug gold

ৰাছিয়া-ইউক্রেইন যুদ্ধৰ (Russia-Ukraine War) প্রভাৱ । যুদ্ধৰ ফলতেই সোমবাৰে বৃদ্ধি পাইছে সোণ (Gold) আৰু ৰূপৰ (Silver) দাম । মার্চৰ মাজভাগলৈ ইমান অধিক হোৱা নাছিল সোণ-ৰূপৰ দাম । কেৱল ভাৰতেই নহয়, সমগ্ৰ বিশ্বতেই এই পৰিস্থিতি দেখা গৈছে । অৱশ্যে মঙলবাৰে ক্রেতা আৰু লগ্নিকাৰীসকলক স্বস্তি দি কিছু কমা দেখা গৈছে দুই মূল্যবান ধাতুৰ দাম ।

কিমান বাঢ়িছিল দাম ? সোমবাৰে এমচিএক্স সূচকত ১০ গ্রাম সোণৰ দাম ০.৮৩ শতাংশ বাঢ়িছিল । যাৰ ফলত ৪৩৯ টকা বাঢ়ি হৈছিল ৫৩ হেজাৰ ৪৩১ টকা । লগতে এক কেজি ৰূপৰ দাম বাঢ়িছিল ১.০৩৮ শতাংশ বা ৯৫৬ টকা । ইয়াৰ ফলত ৰূপৰ দাম বাঢ়ি হয় ৬৯ হেজাৰ ৯৮৮ টকা ।

মঙলবাৰে এই দাম কমিছে । ১০ গ্রাম সোণৰ দাম আজি ১৪০ টকা কমিছে । ০.২৬ শতাংশ দাম কমি হৈছে ৫৩ হেজাৰ ১৩২ টকা । ইপিনে ৰূপৰ দামো ২৫১ টকা অর্থাৎ ০.৩৬ শতাংশ কমিছে । সম্প্ৰতি ৰূপৰ দাম হৈছে ৬৯ হেজাৰ ৭২৫ টকা ।

কিন্তু কিয় সোমবাৰে ইমান বাঢ়ি গৈছিল সোণ-ৰূপৰ দাম ? কাৰণ, ইউক্রেইনত ৰুছ আক্ৰমণৰ ফলত সংশয়ত ভুগিছে বিনিয়োগকাৰীসকল । ফলত তেওঁলোকে সোণৰ দৰে নিৰাপদ ক্ষেত্রতেই বিনিয়োগ কৰিব বিচৰা নাই । ইয়াৰ ফলতেই সোণৰ দাম বাঢ়িছে ।

ইয়াৰ পূৰ্বে কৰ’না পৰিস্থিতিতো একেই ৰূপ দেখা গৈছিল । প্ৰকৃততে বজাৰ অনিশ্চয়তাৰ সন্মুখীন হ’লেই এই ধৰণৰ প্রৱণতা সৃষ্টি হয় । লগতে বিনিয়োগৰ ক্ষেত্রত সোণত উৎসাহ অত্যন্ত কম । ইয়াৰ পৰিপ্ৰেক্ষিতত এই ধৰণৰ পৰিস্থিতিত সোণতেই বিনিয়োগ কৰিব বিচাৰে লগ্নিকাৰীসকলে । ফলত দামো বাঢ়ি যায় ।

সেয়ে সাধাৰণ মধ্যবিত্তসকল সমস্যাত পৰিবলগীয়া হয় । আনকি, সঞ্চয়ৰ ক্ষেত্রতো সাধাৰণ মধ্যবিত্তসকলে সোণৰ উপৰতেই ভৰসা কৰে । কিন্তু মূল্য‌ই অভিলেখ গঢ়িলে তেওঁলোকৰ বাবে সোণ ক্রয় কৰা অসম্ভৱ হৈ পৰে ।

Exit mobile version