ইষ্টাৰটো ৰক্তাক্ত মাৰিয়ুপ’ল, আজভষ্টাল কাৰখানাত প্রৱল গোলাবর্ষণ ৰুছ বাহিনীৰ

3500

ইষ্টাৰটো ৰক্তাক্ত মাৰিয়ুপ’ল (Mariupol) । দেওবাৰে অর্থাৎ কালিও চহৰখনত ৰুছ গোলাবৰ্ষণ হয় । মাৰিয়ুপ’লত ইউক্রেইনীয় বাহিনীৰ শেষ ঘাটি আজভষ্টাল কাৰখানাত আশ্রয় লৈছে বহু লোকে । তাতেই ৰাছিয়াৰ সেনাবাহিনীয়ে আক্ৰমণ চলায় বুলি খবৰ ।

যোৱা ২৪ ফেব্রুৱাৰীত ইউক্রেইনত আক্ৰমণ কৰে ৰাছিয়াই । তাৰপাছৰ পৰা প্রায় দুমাহ পাৰ হৈছে । ৰাজধানী কিয়েভ, খাৰকভ, মাৰিয়ুপ’ল, অ’ডেছা, ছুমিসহ বহুকেইখন চহৰ কার্যত ধ্বংসস্তূপত পৰিণত হৈছে । এনে পৰিস্থিতিত দেওবাৰে অর্থডক্স ইষ্টাৰ পালন কৰিলে ইউক্রেইনবাসীয়ে । আজি কিয়েভৰ কেথিড্রেলৰ পৰা ভিডিঅ’ বার্তা দিয়ে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিয়ে । তেওঁৰ দাবী, “জয় আসহিবই ।”

উল্লেখ্য যে, কমেডিয়ানৰ পৰা দেশনায়ক হৈ উঠা জেলেনস্কি এতিয়াও সমগ্ৰ বিশ্বৰ নায়ক । তেওঁ প্রৱল শক্তিশালী ৰুছ বাহিনীক বাধা প্ৰদান কৰি পুটিনৰ ‘অজেয়’ ভাবমূর্তিত আঘাত হানিছে ।

ইপিনে, ৰাছিয়াতো ইষ্টাৰ পালন হৈছে । সীমান্ত পৃথক হ’লেও দুই দেশৰ ভাষা, বেশভূষা, খাদ্য- সকলো প্রায় একেই । যদিও ধর্মীয় অনুষ্ঠানৰ দিনটোতো একেই ধৰণৰ বিধ্বংসী ৰুছ বাহিনী । মাৰিয়ুপ’লৰ আজভষ্টাল কাৰখানাত পুনৰ গোলাবর্ষণ আৰম্ভ হৈছে । আক্ৰমণ চলিছে অন্যত্রও ।

ইউক্রেইনৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা মিকাইলো পড’লিয়াকে কয়, “ৰাছিয়াই যিয়ে নক‌ওক, তেওঁলোকে আজভষ্টাল ইস্পাত কাৰখানাটো সম্পূর্ণভাৱে আৱৰি গুলীয়াগুলী চলাই গৈছে । ৰাছিয়াৰ বোমাৰ পৰা ৰক্ষা পাবলৈ কাৰখানাৰ তলত বাংকাৰত আশ্রয় লৈছিল সেনাবাহিনী আৰু সাধাৰণ লোকে । তেওঁলোক এতিয়াও আবদ্ধ হৈ আছে । ৰুছ বাহিনীয়ে তেওঁলোকৰ ওপৰত আক্ৰমণ চলাই গৈছে । কোনোবাই যেন নির্দেশ দিছিল, আক্ৰমণ নকৰিবলৈ…!”

উল্লেখ্য, সদ্য ইউক্রেইনক স্বাধীন বুলি ঘোষণা কৰিছে ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে । তাৰপাছত তেওঁ আজভষ্টাল কাৰখানাত আক্ৰমণ নকৰাৰ নির্দেশ দিছিল । কিন্তু সেই নির্দেশ যে ভুৱা বুলি সেয়া স্পষ্ট হৈছে ।

উল্লেখযোগ্য যে, ভৌগোলিক আৰু কৌশলগত দিশৰ পৰা ৰাছিয়াৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ পূৱ ইউক্রেইনৰ বন্দৰ চহৰ মাৰিয়ুপ’ল । কাৰণ, ৰাছিয়া অধিকৃত ক্রাইমিয়াৰ স’তে ৰুছপন্থীৰ অধীনত থকা ডোনেৎস্ক আৰু লুহানস্ক অঞ্চলক (দোনবাছ অঞ্চল) যুক্ত কৰিব বিচাৰে চায় মস্কোলে । এই যোগসাধনৰ বাবে প্রয়োজন বন্দৰ চহৰ মাৰিয়ুপ’লত দখল ৰখা । সেয়ে চহৰখন ৰাছিয়াৰ বাবে ইমান গুৰুত্বপূর্ণ ।

বস্তুত, মাৰিয়ুপ’ল দখলৰ যুঁজত ইতিমধ্যে হেজাৰ হেজাৰ সাধাৰণ মানুহৰ মৃত্যু হৈছে বুলি দাবী কৰিছে ইউক্রেইনে ।

Exit mobile version