Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

সক্রিয় হওক নাগৰিক সমাজ

প্রাঞ্জলসেন ডেকা

publisher by publisher
April 25, 2022
in Opinion
Reading Time: 1 min read
0
সক্রিয় হওক নাগৰিক সমাজ
4
SHARES
42
VIEWS
ShareShareShareShare

সম্প্রতি দেশৰ জনগণৰ চৰকাৰ নিৰ্ভৰতা দিনে দিনে বৃদ্ধি পােৱাটো লক্ষ্যণীয় হৈ পৰিছে। চৰকাৰ যিহেতু ৰাজনীতিকে পৰিচালনা কৰে আৰু ক্ষমতা দখলেই যিহেতু সাম্প্রতিক ৰাজনীতিৰ একমাত্র লক্ষ্য আৰু উদ্দেশ্য— গতিকে ৰাজনীতিক অথবা চৰকাৰৰ সকলাে কার্যকলাপ ক্ষমতাৰ অংকত পৰিচালিত হােৱাটোৱে স্বাভাৱিক।

ADVERTISEMENT

কিন্তু এই ধাৰা অব্যাহত থাকিলে লাহে লাহে সমাজত নাগৰিকৰ কোনাে বৌদ্ধিক ভূমিকাই নাথাকিব। দেশৰ অন্যান্য প্ৰান্তৰ লেখীয়াকৈ অসমাে ইয়াৰ ব্যতিক্রম নহয়। সেয়েহে পৰিস্থিতি সম্পূর্ণ নিয়ন্ত্ৰণৰ বাহিৰলৈ যােৱাৰ পূর্বে নাগৰিক সমাজ আগবাঢ়ি আহি সক্রিয়তাৰে ইয়াৰ মােকাবিলা কৰাৰ প্ৰয়ােজন আছে।

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

জুবিনৰ মৃত্যুৱে জোঁকাৰিছে ৰাজনীতি

চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হােৱাত আপত্তি কি বুলি প্রশ্ন উত্থাপিত হ’ব পাৰে; কিন্তু এই কথা মনত ৰাখিব লাগিব যে সুস্থ গণতন্ত্ৰত চৰকাৰ নহয়, দেশৰ নাগৰিকৰ ওপৰত নিৰ্ভৰশীলতাহে শেষ কথা। কিন্তু দেশত অতি কৌশলেৰে চৰকাৰ অর্থাৎ এচাম ৰাজনীতিকৰ ইচ্ছাই শেষ কথাত পৰিণত হােৱা দেখা গৈছে।

নাগৰিকে ভােট দি এচাম ৰাজনীতিকক চৰকাৰ গঠনৰ সুযােগ দিছে আৰু তাৰ দ্বাৰাই বলিয়ান হৈ নাগৰিকসকলক নিয়ন্ত্রণ কৰা হৈছে। অতি কৌশলেৰে নাগৰিকসকলক ক্রমশঃ যন্ত্ৰত পৰিণত কৰাৰ প্রক্রিয়া চলিছে, যাক দিল্লী বা দিছপুৰত বহি থকাসকলে ৰিম’ট কন্ট্রলেৰে নিয়ন্ত্রণ কৰিবলৈ লৈছে।

এখন গণতান্ত্রিক সমাজৰ বিকাশ তথা বিবর্তনে নাগৰিকৰ অধিকাৰৰ পৰিসৰ বৃদ্ধি নিশ্চিত কৰিব লাগিব। নাগৰিকৰ সবলীকৰণেহে গণতন্ত্রকো সবল কৰে। নাগৰিকৰ অধিকাৰসমূহ সুনিশ্চিত কৰাৰ জৰিয়তেই কর্তব্যসমূহ, সেয়া আইনী হওক বা নৈতিক,লালিত-পালিত হয়। অধিকাৰ আৰু কর্তব্য এটা আনটোৰ পৰিপূৰক, যিদৰে দায়িত্বৰ স’তে স্বাধীনতা।

গতিকে ব্যক্তি বিশেষৰ দায়িত্ব আৰু কৰ্তব্যৰ বাধ্যবাধকতা তেতিয়াহে অর্থবহ হ’ব, যেতিয়া তেওঁৰ অধিকাৰসমূহাে ৰাষ্ট্ৰৰ দ্বাৰা নিশ্চিত কৰা হ’ব। অৱশ্যে এই সংক্রান্ত বিভিন্নজনৰ দ্বিমত নথকা নহয়। কিছুদিন পূর্বে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে কোৱা মনত পৰে যে নিজৰ কৰ্তব্যক অৱহেলা কৰি কেৱল অধিকাৰৰ বাবে যুঁজ দি দেশে বহুত সময় নষ্ট কৰিলে।

তিনিখনকৈ বিতর্কিত কৃষি আইন বাতিলৰ দাবীত দীর্ঘদিন ধাৰাবাহিক আন্দোলনৰত কৃষক সংগঠনসমূহক উদ্দেশ্য কৰিয়ে প্রধানমন্ত্রীয়ে এনেদৰে প্রতিক্রিয়া প্রকাশ কৰিছিল। কেৱল মােদীয়েই নহয়, আন কিছুসংখ্যক ব্যক্তিয়েও অধিকাৰতকৈ কর্তব্যক অগ্রাধিকাৰ প্ৰদান কৰি আহিছে। ভাৰতীয় সংবিধানে প্ৰতিগৰাকী নাগৰিকৰ অধিকাৰ নিশ্চিত তথা সুৰক্ষিত কৰাত গুৰুত্ব আৰােপ কৰিছে।

সমতা আৰু স্বাধীনতাৰ অধিকাৰ সংবিধানৰ আন দুটা উল্লেখনীয় দিশ। গতিকে অধিকাৰ আৰু কর্তব্য যৌথভাৱে আগবাঢ়িলেহে অর্থবহ হ’ব। অথচ ইয়াৰ বিপৰীতে নাগৰিকৰ অধিকাৰৰ ওপৰত বিভিন্ন ধৰণৰ বাধা আৰােপৰ প্রক্রিয়া পৰিলক্ষিত হৈছে— কেতবােৰ আনুষ্ঠানিকভাৱে আৰু আন কেতবােৰ অনানুষ্ঠানিকভাৱে।

চৰকাৰৰ এনে মানসিকতা উদ্বেগৰ কাৰণ হৈ পৰিছে বুলি বৌদ্ধিক মহলত চৰ্চিত হৈছে। যিসমূহত সম্ভৱপৰ হৈছে, তাত চৰকাৰে আইন বাতিল অথবা সংশােধন কৰি লৈছে অথবা নতুন আইন প্রণয়ন কৰিছে। দৰাচলতে চৰকাৰে নাগৰিকৰ বাবে সাহায্যকাৰীৰ ভূমিকাতহে অৱতীৰ্ণ হ’ব লাগে।

চৰকাৰৰ নিজস্ব কেতবােৰ গধুৰ দায়িত্ব আৰু কৰ্তব্য আছে দেশৰ প্ৰতি, দেশৰ জনগণৰ প্ৰতি। গতিকে তেনে গধুৰ দায়িত্ব নিয়াৰিকৈ পালনৰ পৰিৱর্তে চৰকাৰে নাগৰিকৰ দৈনন্দিন জীৱনৰ বিষয়সমূহত হস্তক্ষেপ কৰাটো কিমান দূৰ সমীচীন সেয়া বিচার্য। জটিল আর্থিক পৰিস্থিতিত সন্তলন বজাই ৰখা, দেশৰ আভ্যন্তৰীণ আৰু বহিঃ শান্তি তথা সুৰক্ষা নিশ্চিত কৰা, উপযুক্ত আৰু পর্যাপ্ত আন্তঃগাঁথনি নির্মাণ কৰা আৰু সর্বোপৰি কর্মসংস্থাপন সৃষ্টি কৰাটো সদায়েই প্রতিখন চৰকাৰৰ সমুখত আটাইতকৈ গুৰুত্বপূর্ণ প্রত্যাহ্বান।

এনে প্ৰত্যাহ্বানসমূহৰ মােকাবিলাৰ ওপৰতে এখন চৰকাৰৰ সক্ষমতা আৰু সাফল্য নিৰ্ভৰ কৰে। দেশত এক সুস্থ পৰিৱেশ বজাই ৰাখিবলৈ সক্ষম হােৱাটো যিকোনাে চৰকাৰৰ বাবেই এক চমকপ্রদ প্রদর্শন। অথচ এনে তীব্র প্রত্যাহ্বানমূলক কর্মসূচী ৰূপায়ণত যথােচিত গুৰুত্ব দিয়াৰ সলনি নাগৰিকৰ নিয়মীয়া কার্যকলাপত দিক-নির্দেশনা দিবলৈ যােৱাৰ প্রয়ােজনেই বা কত ?

ইতিমধ্যে উল্লেখ কৰা হৈছে যে নাগৰিকৰ স্বনিৰ্ভৰতা অতি কৌশলেৰে নাইকিয়া কৰি চৰকাৰৰ ওপৰতহে নাগৰিকৰ নিৰ্ভৰশীলতা বৃদ্ধি কৰা হৈছে। কাৰােবাৰ ওপৰত অধিক নির্ভৰশীলতাই যে নিজস্ব বিচাৰ-বিবেচনা আৰু কর্তৃত্ব হ্রাস কৰি পেলায় তাৰ ব্যাখ্যা নিষ্প্রয়ােজন। এখন গণতান্ত্রিক দেশত যদি জনগণৰ ওপৰতে নিৰ্ভৰশীলতা নাথাকে, তেন্তে সি কোন দিশে গতি কৰিব সেয়া সহজে অনুমেয়।

এনে পৰিস্থিতি অৱশ্যে এদিনতে সৃষ্টি হােৱা নাই। ৰাজনীতিকসকলেই নিজৰ ক্ষমতা এদনীয়া কৰাৰ সুবিধা হােৱাকৈ এনে পৰিৱেশ গঢ়ি তুলিছে। অৱশ্যে শেহতীয়া সময়ছােৱাত যে এই ধাৰা অধিক ব্যাপক হৈছে তাক অস্বীকাৰ কৰাৰ উপায় নাই। এনে পৰিৱেশ গঢ়ি তােলাৰ ক্ষেত্ৰত হিতাধিকাৰী সৃষ্টিয়ে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে। এই কথাত দ্বিমত নাই যে নাগৰিকৰ অন্ন-বস্ত্র-বাসস্থান নিশ্চিত কৰাৰ দায়িত্ব চৰকাৰৰ; কিন্তু তাৰ বাবে স্থায়ী ব্যৱস্থা উদ্ভাৱনৰ প্রয়ােজন।

দৰিদ্ৰসকল স্বনিৰ্ভৰশীল হােৱাৰ বাবে পর্যাপ্ত কর্মসংস্থাপন সৃষ্টিৰ সুচল পৰিৱেশ নিশ্চিত কৰিব লাগিব চৰকাৰে। বিনামূলীয়া চাউল অথবা অন্যান্য সামগ্রী দীর্ঘকালৰ বাবে চৰকাৰে যােগান ধৰি থকাটো ৰাষ্ট্ৰীয় উৎপাদন বিকাশৰ ক্ষেত্ৰত ক্ষতিকাৰক। দেশৰ একাংশ নাগৰিকক চৰকাৰে ভিক্ষাৰীলৈ ৰূপান্তৰ কৰিব খুজিছে নেকি? অথচ চৰকাৰ যে কর্মসংস্থাপন সৃষ্টিত ব্যর্থ হৈছে আৰু ফলস্বৰূপে দৰিদ্ৰৰ সংখ্যাও হ্রাস পােৱা নাই, সেয়া বিগত সময়ছােৱাৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী সংস্থাৰ সমীক্ষাৰ প্রতিবেদনসমূহেই উদঙাই দিছে।

গতিকে এই কথা স্পষ্ট যে এনেদৰে কোটি কোটি হিতাধিকাৰী সৃষ্টিৰ জৰিয়তে ৰাজনীতিকসকলে নিজ কর্মসূচী ৰূপায়ণ কৰি গৈছে। অথচ এনে ব্যৱস্থাই দেশৰ ৰাজকোষৰ লগতে আর্থিক ক্ষেত্ৰতাে গভীৰ বিৰূপ প্ৰভাৱ পেলাইছে। এহাতে বিনামূলীয়া অথবা সুলভ মূল্যৰ সামগ্রী যােগানৰ বাবদ চৰকাৰে লক্ষ লক্ষ কোটি টকা ব্যয় কৰি থাকিবলগীয়া হৈছে আৰু আনহাতে সেই বােজা দেশবাসীৰ ওপৰতে জাপি দিয়া হৈছে ইন্ধনকে ধৰি প্রতিবিধ সামগ্ৰীৰ ওপৰত কৰ-কাটল আৰােপৰ জৰিয়তে আকাশলংঘী মূল্য বৃদ্ধি ঘটাই।

এনে মূল্যবৃদ্ধি তথা নিত্য নতুন কৰ-কাটলৰ হেঁচাত কিমান উদ্যোগ-বাণিজ্য বন্ধ হৈছে অথবা কেটেপ কেলঢােপকৈ জীয়াই আছে তাৰ লেখ-জোখ নাই। এনে পৰিপ্ৰেক্ষিতত কর্মসংস্থান সৃষ্টিয়েইবা হ’ব কেনেকৈ? অকল সেয়ে নহয়, চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰিছে নিজৰ লক্ষ্য-উদ্দেশ্য ৰাখিহে। চৰকাৰে কাক কেনেদৰে সকাহ দিব তাতাে উদ্দেশ্য লুকাই আছে। উদাহৰণ স্বৰূপে সংবাদপত্রসমূহৰ কথাকে ক’ব পাৰি।

যােৱা কেইটামান মাহৰ ভিতৰত সংবাদপত্ৰৰ প্রধান কেঁচামাল নিউজপ্রিন্টৰ মূল্য দুগুণৰাে অধিক হৈছেগৈ। প্রতি মেট্রিক টন ভাৰতীয় নিউজপ্রিন্টৰ মূল্য ৩৮ হেজাৰ টকাৰ পৰা ৮০-৮৫ হেজাৰ টকালৈ বৃদ্ধি হৈছে। আনহাতে, বিদেশী নিউজপ্রিন্টৰ মূল্যই লাখৰ ঘৰ চুইছেগৈ। তেনেদৰেই মুদ্ৰণৰ বাবে প্রয়ােজনীয় প্রতিবিধ সামগ্ৰীৰ সমহাৰত মূল্য বৃদ্ধি ঘটিছে। ইন্ধনৰ মূল্য বৃদ্ধিৰ ফলত সংবাদপত্র পৰিবহণৰ ব্যয়াে ব্যাপক হাৰত বৃদ্ধি পাইছে।

অথচ সংবাদপত্ৰক সকাহ দিবলৈ চৰকাৰে কোনাে পদক্ষেপ গ্রহণ নকৰিলে। ক’ভিড মহামাৰীয়ে আন বহুক্ষেত্ৰৰ দৰে সংবাদপত্ৰৰাে ৰাজহাড় ভাঙি পেলালে। অন্যান্য কে’বাটাও খণ্ডলৈ চৰকাৰে আর্থিক সকাহ তথা কৰ-কাটল ৰেহাই দিলে, অথচ সংবাদপত্রক সম্পূৰ্ণৰূপে উপেক্ষা কৰিলে। যােৱা দুবছৰে কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞাপন প্রায় নাই বুলিবই পাৰি। তেনেদৰে ৰাজ্য চৰকাৰেও আন সকাহ বাদেই, বিজ্ঞাপনৰ নিৰিখ আজি পর্যন্ত বৃদ্ধি নকৰিলে।

বৰঞ্চ কেন্দ্রই নিউজপ্রিন্টৰ ওপৰতাে জিএছটি জাপি দি বােজা বৃদ্ধিহে কৰিলে। দৰাচলতে চৰকাৰে সংবাদপত্রসমূহ বন্ধ হৈ যােৱাটোৱে কামনা কৰে। কিয়নাে হেজাৰ হেজাৰ ক্ষুদ্র, মজলীয়া আৰু বৃহৎ সংবাদপত্রসমূহে দেশৰ প্ৰতিটো চুকে-কোণে চৰকাৰৰ ব্যর্থতাসমূহ কঢ়িয়াই লৈ যায়। সেয়া ক্ষমতাসীনসকলৰ সহ্য নহয় আৰু সংবাদপত্রসমূহ বন্ধ হৈ পৰাটোৱে তেওঁলােকৰ কাম্য।

সেই বাবেই হাতে নামাৰি ভাতে মৰাৰ কৌশল গ্রহণ কৰিছে যাতে বিত্তীয় সংকটত ভুগি সংবাদপত্রসমূহ অৱশেষত বন্ধ হৈ যায়। গতিকে এনেদৰেই দেশৰ এক বৃহৎসংখ্যক জনসংখ্যাক হিতাধিকাৰীত পৰিণত কৰি তেওঁলােকক এসাঁজ খাদ্যৰ বাবেও চৰকাৰৰ মুখাপেক্ষী কৰি পেলাইছে। সম্প্রতি কোনে কি খাব, কি পিন্ধিব, কি চিনেমা চাব বা নাচাব— এইবােৰ বিষয়তাে চৰকাৰে দিক-নির্দেশনা দিবলৈ লােৱাটোহে আশ্চর্যজনক।

তদুপৰি ধৰ্ম-সম্প্রদায় আদিৰ মাজত কোনাে বিষয়ক লৈ মতভেদৰ সৃষ্টি হলে তাক সংশ্লিষ্ট পক্ষসমূহৰ শুভবুদ্ধিসম্পন্ন নাগৰিক সমাজেই আলােচনাৰ মাধ্যমেদি মীমাংসাৰ বাবে আগবাঢ়ি আহিব লাগিব। এনেবােৰ বিষয়ত চৰকাৰক অথবা ৰাজনীতিকক হস্তক্ষেপৰ সুযােগ দিলে ফল বিষম হােৱাৰ আশংকাই অধিক।

অসমত বিহু কিমানদিন পতা হ’ব, সেয়া চৰকাৰে নিৰ্ধাৰণ কৰি দিয়াৰ পর্যায়লৈ অহাৰ প্রয়ােজন আছেনে ? অনা অসমীয়া ব্যৱসায়ীৰ পৰা চান্দা তুলি বিহু অথবা শ্ৰীমন্ত শংকৰদেৱৰ তিথি পাতিব নালাগে বুলি দীর্ঘদিন ধৰি এচামে কৈ আহিছে, অথচ নাগৰিক সমাজে তালৈ কাণসাৰ কৰা নাই। ফলস্বৰূপে বিহুতাে চৰকাৰী হস্তক্ষেপৰ সুযােগ আহি পৰিল।

কাইলৈ আৰু নতুন নতুন ক্ষেত্ৰতাে চৰকাৰে দিক-নির্দেশনা দিবলৈ ললে তাৰ বিৰােধ কৰাৰ সুযােগ থাকিবনে ?গতিকে নাগৰিক সমাজ সক্রিয় হ’বই লাগিব। চৰকাৰেও নিজৰ অন্যান্য দায়িত্বসমূহ পালনত অধিক গুৰুত্ব দি ৰাজহুৱা বিষয়বােৰত নাগৰিক সমাজৰ পৰামৰ্শদাতা আৰু সহায়কাৰীৰ ভূমিকাত অৱতীৰ্ণ হােৱাটোহে বাঞ্ছনীয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Politicspranjal sen dekaPublic Awareness
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d