দেশত সাম্প্রতিক সাম্প্রদায়িক হিংসাৰ ঘটনাত উদ্বেগ প্রকাশ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীক (PM Modi) মুকলি পত্ৰ লিখিলে অৱসৰপ্রাপ্ত আমোলাৰ একাংশই । প্ৰধানমন্ত্ৰী মোদীলৈ লিখা এই পত্ৰত স্বাক্ষৰ কৰিছে ১০৮ জন অৱসৰপ্রাপ্ত আইএএছ, আইএফএছ আৰু আইআৰএছ বিষয়াই ।
কি লিখিছে তেওঁলোকে এই পত্ৰত ? তেওঁলোকে পত্ৰখনত লিখিছে, “আমি দেশত ঘৃণাৰে ভৰা ধ্বংসাত্মক এক উন্মত্ততা প্রত্যক্ষ কৰিছো । কেৱল মুছলিম বা অন্য সংখ্যালঘু সম্প্রদায়েই নহয়, বলিদানৰ বেদিত আজি সংবিধান নিজেই ।” তেওঁলোকৰ দাবী, ভাৰতীয় সংবিধানৰ মৌলিক নীতিয়েই যেন লংঘিত হৈছে দেশৰ বিভিন্ন ৰাজ্যত হোৱা সাম্প্রতিক অশান্তিৰ ঘটনাত । এই প্রসংগতেই বিষয়াসকলৰ অভিযোগ, “এই বিৰাট সামাজিক সংকটৰ সময়ত আপোনাৰ নীৰৱতাই আমাক বধিৰ কৰিছে ।”
কিয় তেওঁলোকে এনে পত্ৰ লিখিলে, এই বিষয়ত অৱসৰপ্রাপ্ত বিষয়াসকলে জনাইছে, “প্রাক্তন চৰকাৰী কর্মচাৰী হিচাপে এনে চৰম ভংগিতে নিজৰ মতামত প্রকাশ কৰা সাধাৰণতে আমাৰ অভ্যাস নহয় । কিন্তু দেশৰ প্রতিষ্ঠাপকসকলে তৈয়াৰ কৰা সাংবিধানিক পৰিকাঠামো যিদৰে নিৰলস গতিত বন্ধ কৰা হৈছে, সিয়ে আমাক বাধ্য কৰিছে এইদৰে কথা ক’বলৈ আৰু নিজৰ ক্ষোভ আৰু যন্ত্রণাক প্রকাশ কৰিবলৈ ।”
পত্ৰত বিশেষকৈ উল্লেখিত হৈছে ‘বুলডোজাৰ’ শব্দটো । এপ্রিলত দিল্লীৰ জাহাংগিৰপুৰিসহ গুজৰাট আৰু মধ্যপ্রদেশৰ দৰে ৰাজ্যত সাম্প্রদায়িক সংঘর্ষৰ পাছত যিদৰে বুলডোজাৰৰ সহায়ত বহু নির্মাণ ধ্বংস কৰি দিয়া হৈছে তাৰো নিন্দা কৰা হৈছে । অভিযোগ, সংখ্যালঘু মুছলিম সম্প্রদায়দক লক্ষ্য কৰি ৰাজনৈতিক অভিসন্ধি পৰাই এনে কৰা হৈছে ।
পত্ৰত কঠোৰ ভাষাত ইয়াৰ নিন্দা কৰি লিখা হৈছে, “সাংবিধানিক আৰু আইনগত যি পৰিকাঠামো তৈয়াৰ কৰা হৈছিল এই ধৰণৰ ঘটনাক ৰোধ কৰিবলৈ, তাকেই ঘূৰাই ব্যৱহাৰ কৰা হৈছে সংখ্যাগৰিষ্ঠসকলক অত্যাচাৰৰ হাথিয়াৰ হিচাপে ।” লগতে পত্ৰৰ একেবাৰে শেষত এই বিষয়াসকলৰ আবেদন, দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ পৰিস্থিতিত এই ঘৃণাৰ ৰাজনীতিৰ অৱসান ঘটাব প্রধানমন্ত্রীয়ে ।






























