বাপেকৰ হোটেল:ইয়াত ২৪ ঘণ্টাই পোৱা যায় বিনামূলীয়া আহাৰ, শিক্ষকৰ অভিনৱ উদ্যোগ

babar hotel

উপার্জনক্ষম হোৱাৰ চেষ্টা নকৰি ডেকা ল’ৰাই ঘৰতে থাকি আৰামৰ জীৱন নিৰ্বাহ কৰিলে সাধাৰণতে কটাক্ষ কৰি কোৱা হয় যে ‘বাপেকৰ হোটেল’ত খাই-বৈ জীয়াই আছে। কিন্তু বাস্তৱত এইখন ভাৰততে আছে এখন ‘বাপেকৰ হোটেল’।

হয়, আপুনি হয়তো পঢ়ি আচৰিত হ’ব যে কেৱল কটাক্ষৰ বাবেই ‘বাপেকৰ হোটেল’ অভিহিত কৰা নহয়, পশ্চিমবংগতে এনে এখন আজৱ হোটেল আছে।

হোটেলখনৰ নাম বাংলাত ‘বাপেৰ হোটেল’ ৰাখিছে। পশ্চিমবংগৰ পূব মেদিনীপুৰৰ কাঁথিৰ এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক এজনে মুকলি কৰিলে এই আজৱ নামৰ হোটেলখন।

অৱশ্যে এইখন ‘বাপেৰ হোটেল’ মানুহৰ বাবে নহয়, শিক্ষকজনে মুকলি কৰিছে কেৱল বনৰীয়া তথা পথত বিচৰণ কৰা জীৱ-জন্তুৰ বাবে।কাঁথিৰ এক নম্বৰ ব্লকৰ কুলাইপদিমা নিম্ন বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষক শ্যামল জানাই প্রতিষ্ঠাকৰিছে ‘বাপেৰ হোটেল’ৰ।

নিজৰ বিবাহ বার্ষিকীত জীৱ-জন্তুৰ কল্যাণ সাধনৰ কথা চিন্তা কৰি শ্যামলে বন্য জন্তুক আহাৰ যোগানৰ উদ্দেশ্যৰে মুকলি কৰিলে এইখন আচহুৱা হোটেল। প্রথম দিনাৰ পৰাই শ্যামলৰ এই হোটেলত অগণন জীৱ-জন্তুবে আহাৰ গ্ৰহণৰ বাবে ভিৰ কৰি আহিছে।

যিকোনো বন্য প্রাণীয়ে এই হোটেললৈ আহি পেট ভৰাই উপলব্ধ খাদ্য খাব পাৰে। প্ৰকৃতিক সুস্থ-সুন্দৰ কৰি ৰখাত পশুপখীৰ অৱদান অপৰিসীম। পাৰিপাৰ্শ্বিক পৰিৱেশ বৰ্তাই ৰাখিবলৈ হ’লে পশু- পক্ষীকো সুৰক্ষিত কৰিব লাগিব। এই কাৰণতে যোৱা ২৫ এপ্রিলৰ নিজৰ বিবাহ বার্ষিকীৰ দিনা শ্যামলে কাঁথিৰ আঠিলাগাড়ীত পশু-পক্ষীৰ বাবে এখন হোটেল মুকলি কৰিলে।

প্রথম দিনৰ পৰাই অঞ্চলটোৰ অসংখ্য পশু-পক্ষীয়ে শ্যামলৰ হোটেলত ভিৰ কৰি আহিছে। গৰমত পশু-পক্ষীক সকাহ দিবলৈ ‘বাপেৰ হোটেল ‘ত পর্যাপ্ত পৰিমাণৰ পানীও ৰখা হৈছে। তদুপৰি আছে কল, আঙুৰ, বুট, শস্য তিঁয়হ, গম, সূর্যমুখী বীজ, বাদাম, ভুট্টা ইত্যাদি।

খাদ্যসমূহ পৰিৱেশন কৰা হৈছে নানা ৰঙী মাটিৰ বৰ্তনত। ঘৰৰ মুক্ত চাদত ২৪ ঘণ্টাই খোলা থাকিব ‘বাপেৰ হোটেল’। শ্যামলে কয়, ‘মই এজন সাধাৰণ শিক্ষক। বিবাহ বার্ষিকীত পত্নীক সুখী কৰিবলৈ দামী উপহাৰ দিয়াৰ উপায় নাই। পত্নীক সুখী কৰাৰ বাবে সেয়েহে বিবাহ বার্ষিকীত পশু-পক্ষীক খাদ্য যোগানৰ উদ্দেশ্যৰে এই পৰিকল্পনা ৰূপায়ণ কৰিলো।’

Exit mobile version