ঈদ-উল-ফিতাৰ উপলক্ষে শুভেচ্ছাবার্তা দিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । সোমবাৰে নিশা ঈদ উপলক্ষে শুভেচ্ছা জনায় প্রধানমন্ত্রী মোদীয়ে সকলোৰে ‘স্বাস্থ্য আৰু সমৃদ্ধি’সহ ‘সমাজত ঐক্য আৰু ভ্রাতৃত্ব’ৰ কামনা কৰিছে ।
এক টুইট বার্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে, ‘সকলোকে ঈদ-উল-ফিতাৰৰ শুভেচ্ছা । এই শুভ অনুষ্ঠানটোৱে আমাৰ সমাজত ঐক্য আৰু ভ্রাতৃত্বৰ চেতনাক বঢ়াই তোলক। সকলোৱে সুস্বাস্থ্য আৰু সমৃদ্ধি লাভ কৰক ।’
ইপিনে, ৰাষ্ট্রপতি ৰামনাথ কোবিন্দেও ঈদ উপলক্ষে দেশবাসীক উদ্দেশ্যি বিশেষ বার্তা দিয়ে । ঈদৰ প্রাককালত কালি সন্ধিয়া দেশবাসীক উদ্দেশ্যি তেওঁ কয়, ‘ৰমজান মাহ শেষ হ’লে ঈদ-উল-ফিতাৰ উদ্যাপিত হয় । সেই উপলক্ষে দৰিদ্রসকলক খাদ্য আৰু খাদ্যশস্য বিতৰণকে বিশেষ গুৰুত্ব দিয়া হয় । এই উৎসৱে মানুহক এটা সৌহার্দ্যপূর্ণ, শান্তিপূর্ণ আৰু সমৃদ্ধশালী সমাজ গঠনত সচেষ্ট হ’বলৈ অনুপ্রাণিত কৰে ।’
Best wishes on Eid-ul-Fitr. May this auspicious occasion enhance the spirit of togetherness and brotherhood in our society. May everyone be blessed with good health and prosperity.
— Narendra Modi (@narendramodi) May 2, 2022
তেওঁ আৰু কয়, ‘আহক ঈদৰ শুভ উৎসৱ উপলক্ষে আমি মানৱতাৰ সেৱাত আৰু দৰিদ্রসকলৰ জীৱনযাত্রাৰ উন্নয়নত নিজকে আত্মনিয়োগ কৰাৰ সংকল্প লওঁ । ঈদ-উল-ফিতাৰ উপলক্ষে মই সকলো দেশবাসীকে, বিশেষকৈ আমাৰ মুছলিম ভাতৃ আৰু ভগ্নীসকলক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাওঁ ।’