ৰাজ্যত পুনৰ সংঘটিত হৈছে ধৰ্ষণ কাণ্ড

web rape generic bigstock 1552837785714

আজিৰ তাৰিখটো সমাজত নাৰী সুৰক্ষিত নহয়। নিতৌ সংঘটিত হৈছে এটাৰ পাছত আন এটা ধৰ্ষণৰ কাণ্ড। একাংশ পাষণ্ডৰ হাতত ধৰ্ষণৰ বলি হ’ব লগা হৈছে শিশুৰ পৰা বৃদ্ধালৈকে ।

ইয়াৰ মাজতে কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰীত পুনৰ সংঘটিত হৈছে জঘন্য ধৰ্ষণ কাণ্ড ৷তথ্য অনুসৰি, অচিনাক্ত দুৰ্বৃত্তই ধৰ্ষণ কৰি ৰাজপথত পেলাই দলে এগৰাকী ১৫ বছৰীয়া কিশোৰীক ৷

আনহাতে গৰৈমাৰী আৰক্ষীৰ অনুসন্ধানত দৃৰ্বৃত্তৰূপী লম্পট ধৰ্ষণকাৰীৰ নাম আৰু মবাইল নম্বৰৰ সন্ধান লাভ কৰিছে যদিও বৰ্তমানলৈকে চিনাক্ত হোৱা নাই পাষণ্ডটোৰ প্ৰকৃত পৰিচয় ৷

এই জঘন‌্য কাণ্ডক কেন্দ্ৰ কৰি ছয়গাঁও সমষ্টিৰ লগতে কামৰূপ জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

উল্লেখ্য যে, গৰৈমাৰী বজাৰ এলেকাৰ হাতেম চৌধুৰী শিশু নিকেতনৰ ওচৰৰ গুমী-গৰৈমাৰী গড়কাপ্তানী পথৰ দাতিত মুমূৰ্ষ অৱস্থাত ৰাইজে উদ্ধাৰ কৰে কিশোৰী গৰাকীক ৷

পিছলৈ কিশোৰী গৰাকীক ততাতৈয়াকৈ গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও কিশোৰী গৰাকীৰ প্ৰচুৰ ৰক্তক্ষৰণ হোৱাত চিকিৎসকে কিশোৰী গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷

তথ্য অনুসৰি গৰৈমাৰী আৰক্ষীয়ে লম্পট ধৰ্ষণকাৰীক চিনাক্ত কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে ৷

Exit mobile version