দেশত পুনৰ কিছু হ্ৰাস পালে ক’ভিড সংক্রমণ । কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রণালয়ে দিয়া দৈনিক কৰ’না পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত ২,২৮৮ জন কৰ’না আক্রান্ত হৈছে । যি সোমবাৰৰ তুলনাত কম । সোমবাৰে দেশত কৰ’না আক্রান্ত হৈছিল ৩,২০৭ জন । দৈনিক কৰ’না সংক্রমণৰ হাৰ ০.৪৭ শতাংশ ।
যোৱা ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ১০ জনৰ । এই সন্দৰ্ভত চৰকাৰী হিচাপ অনুসৰি দেশত কৰ’নাত মুঠ মৃত্যু হ’ল পাঁচ লাখ ২৪ হেজাৰ ১০৩ জনৰ । সোমবাৰে দেশত কৰ’নাত মৃত্যু হৈছিল ২৯ জনৰ ।
দৈনিক কৰ’না বুলেটিন অনুযায়ী, দেশত বিগত ২৪ ঘণ্টাত কৰ’নাৰ পৰা সুস্থ হৈছে ৩০৪৪ জন । ইয়াৰ ফলত এই পর্যন্ত মুঠ চাৰি কোটি ২৫ লাখ ৬৩ হেজাৰ ৯৪৯ জন কৰ’নামুক্ত হৈছে ।
বিগত ২৪ ঘণ্টাত দেশত কৰ’না আক্রান্ত হৈ মৃত্যু হৈছে ১০ জনৰ । তাৰ ভিতৰত কেৰালাত ছজনৰ মৃত্যু হৈছে । বুলেটিনত কোৱা হৈছে, এই ছজনৰ আগতেই কৰ’নাত মৃত্যু হৈছিল । কিন্তু ইমান দিনে সেয়া অনথিভুক্ত হৈ আছিল । আনহাতে, ৰাজধানী দিল্লীতো মৃত্যু হৈছে তিনিজনৰ, এজনৰ মৃত্যু হৈছে কর্নাটকত ।