Covid Update: বিগত ২৪ঘণ্টাত দেশত ক’ভিডত মৃত্য ১০জন

Assam Covid 19

বুধবাৰে পুৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত, দেশত কৰ’না আক্ৰান্তৰ সংখ্যা ২,২৮৮ জন। বৰ্তমানলৈকে, দেশত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ৪,৩১,০৭,৬৮৯ জন।

যোৱা ২৪ ঘণ্টাত দেশখনত ক’ভিডত মৃত্যুও হৈছে ১০জন ।বৰ্তমানলৈকে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ৫,২৪,১০৩ জন । জনালে স্বাস্থ্য মন্ত্ৰালয়ৰ ।

কিন্তু এদিনৰ তুলনাত দেশত সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা হ্ৰাস পাইছে। কৰ’নাৰ পৰা সুস্থতাৰ হাৰ ৯৮.৭৪ শতাংশ। দৈনিক সক্ৰিয়তাৰ হাৰ ০.৯৫ শতাংশ আৰু সাপ্তাহিক সক্ৰিয়তাৰ হাৰ ০.৮২ শতাংশ।

আক্ৰান্তসকলৰ সংখ্যাৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰ শীৰ্ষত আছে। ইয়াৰ পাছত আছে কেৰালা, কৰ্ণাটক আৰু তামিলনাডু।

Exit mobile version