মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদ

সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু)ৰ চিৰাং জিলা সমিতিৰ উদ্যোগত মূল্যবৃদ্ধিৰ প্ৰতিবাদত চিৰাং জিলা সদৰ কাজলগাঁও আৰু বিজনীত পৃথকে পৃথকে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । শেহতীয়াকৈ অসমত নিত্য ব্যৱহাৰ্য সামগ্রী, পেট্রলজাত সামগ্ৰী, ৰন্ধন গেছ, জীৱনদায়িনী ঔষধ, গৃহ নিৰ্মাণৰ সামগ্ৰী, কৃষি উৎপাদনৰ স’তে জড়িত সাৰ, পশু খাদ্যকে ধৰি প্ৰায়বোৰ সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিত সৰ্বসাধাৰণ ৰাইজৰ জীৱন দুর্বিসহ হৈ পৰিছে ৷

চৰকাৰ তথা খাদ্য আৰু অসামৰিক যোগান বিভাগে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা আমাৰ দৃষ্টিগোচৰ হোৱা নাই । কৃষকৰ পৰা আৰম্ভ কৰি নিম্ন মধ্যবৃত্তি শ্ৰেণী, ক্ষুদ্র ব্যৱসায়ীসকলে এনে অস্বাভাৱিক মূল্যবৃদ্ধিত আজি হতাশাগ্রস্ত হৈ পৰিছে ৷ যাৰ ফলত আজি দিনক দিনে আত্মহত্যাৰ ঘটনা বৃদ্ধি পাব ধৰিছে ৷

আনকি টকাৰ অভাৱৰ বাবে কিছুদিন আগতে কোকৰাঝাৰৰ এটি পৰিয়ালে নিজৰ সন্তানক বজাৰত বিক্ৰী কৰিবলৈ অনাটোৱে এক ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে ৷

দৈনন্দিন ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক ৷ পেট্ৰল আৰু ডিজেলৰ ৰাজ্য চৰকাৰৰ ভেট হ্ৰাস কৰি পেট্ৰেলজাত সামগ্ৰীৰ মূল্য ৰোধ কৰাৰ পদক্ষেপ গ্রহণ কৰক । ঘৰুৱা আৰু বাণিজ্যিক ৰন্ধন গেছৰ (LPG) চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰক । জীৱনদায়িনী ঔষধৰ মূল্য হ্রাস কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক ৷ গৃহনির্মাণ সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক ।

কৃষি উৎপাদনৰ স’তে জড়িত সকলো সাৰৰ মূল্য হ্রাস কৰাৰ পদক্ষেপ গ্ৰহণ কৰক ।পশুখাদ্যৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি পশুপালকসকলক সকাহ প্ৰদান কৰা । এইসমূহ দাবীৰ সমৰ্থনত প্ৰতিবাদী অৱস্থান ধৰ্মঘটস্থলীৰ পৰাই চিৰাং জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰদান কৰে আমছুৰ চিৰাং জিলা সমিতিয়ে ।

Exit mobile version