আইনগতভাৱে উচ্ছেদ কৰাৰ দাবী দেৱব্ৰত শইকীয়াৰ

images 2

অসম চৰকাৰে কাছাৰত এখন নতুন বিমান বন্দৰ নির্মাণ প্রচেষ্টা হাতত লৈছে। কিন্তু এই বন্দৰ নিৰ্মাণৰ নামত ডলু চাহ বাগিচাৰ মুঠ ৯৯৬৫ বিঘা মাটিৰ ভিতৰত ২৬০০ বিঘা মাটি অসম চৰকাৰে অধিগ্রহণ কৰাৰ ব্যৱস্থা কৰিছে। এই সন্দৰ্ভত চাহ জনজাতি কল্যান,শ্রম আৰু সংস্থাপন বিভাগৰ মন্ত্ৰী সঞ্জয় কিষানলৈ এখন পত্ৰ প্ৰেৰণ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

পত্ৰখনত তেওঁ উল্লেখ কৰে যে ডলু চাহ বাগিচাৰ ২৬০০ বিঘা মাটিত থকা প্রায় ৩০ লাখ চাহ পুলি উচ্ছেদ কৰা হ’ব বুলি তথ্য প্রকাশ পাইছে। সেই চাহ পুলিসমূহক নিৰ্ভৰ কৰিয়েই হেজাৰ হেজাৰ চাহ শ্ৰমিকে বছৰ বছৰ ধৰি জীৱিকা নির্বাহ কৰি আছে।

বর্তমান বিমানবন্দৰ নিৰ্মাণৰ নামত ডলু চাহ বাগিচাত চলি থকা উচ্ছেদৰ ফলত হেজাৰ হেজাৰ চাহ শ্রমিকে তেওঁলােকৰ কর্ম সংস্থাপন, বাসস্থান, শিক্ষা, স্বাস্থ্যৰ অধিকাৰ আদি হেৰুৱাই পেলাব।এয়া অতি দুর্ভাগ্যজনক।

উল্লেখ্য যে, চৰকাৰে যাতে উচ্ছেদ কৰােতে বলপূর্বক উচ্ছেদ নকৰি উচ্ছেদিত লােকসকলৰ লগত আলােচনা কৰি তেওঁলেকৰ অর্থনৈতিক, সামাজিক, পুনৰসংস্থাপন, স্বাস্থ্য, শিক্ষা আদি সুৰক্ষা নিশ্চিত কৰিহে উচ্ছেদ চলােৱা হয় তাৰ বাবে ইতিমধ্যে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন পি আই এল দাখিল কৰি থৈছাে।

এই সন্দৰ্ভত অসম চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰিব লগা হৈ আছে। অসমলৈ বহুবছৰ পূর্বে চাহ বাগান মালিক পক্ষই চাহ বাগানত চাকৰি, আবাসগৃহ, স্বাস্থ্য, শিক্ষা আদি বিভিন্ন সা-সুবিধা দিয়া হ’ব বুলি চাহ শ্ৰমিকসকলৰ লগত চুক্তিবদ্ধ হৈ অসমত চাহ ব্যৱসায়ৰ পাতনি মেলাৰ কথা নিশ্চয় আপােনালােকেও জানে।

কিন্তু এতিয়া এনেদৰে উচ্ছেদ কৰিলে এই চাহ শ্ৰমিকসকল অর্থনৈতিক, সামাজিক, শৈক্ষিক আদি বিভিন্ন ক্ষেত্ৰত ক্ষতিগ্রস্ত হ’ব । সেয়েহে তেওঁলােকে এই বলপূর্বক উচ্ছেদৰ বিৰুদ্ধে প্রতিবাদ কৰি আহিছে।

যােৱা ফেব্ৰুৱাৰী মাহত মুখ্যমন্ত্রীয়ে গ্রীণ ফিল্ড বিমান বন্দৰ কাছাৰত নিৰ্মাণ কৰা হ’ব আৰু তাৰ পৰৱৰ্তী সময়ত ভূমি অধিগ্রহণ ডুলু বাগিচাৰ পৰা ৰা হ’ব বুলি কোৱাৰ পৰাই বিভিন্ন ধৰণে ইয়াৰ প্রতিবাদ হৈ অহাৰ উপৰিও স্থানীয় দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে পত্র প্ৰেৰণ কৰি চৰকাৰক এই উচ্ছেদ বিৰােধিতা কৰি আহিছে।

চাহ শ্ৰমিকসকলক পুনৰ সংস্থাপনৰ কোনাে ব্যৱস্থা নকৰি একমাত্ৰ তেওঁলােকৰ পাবলগীয়া বকেয়া পুঁজিৰ অংশ মােকলাই দি দায়িত্ব সামৰিব বিচাৰিছে বাগিচা কতৃপক্ষই। ইমান প্রতিবাদ, বিৰােধিতাৰ পাছতো শ্ৰমিকৰ স্বাৰ্থত মাত মাতিব লগা হােৱা শ্রম বিভাগে এই ক্ষেত্ৰত গা-এৰা দিয়াতাে অতি দুখজনক। মই ভাবাে অসমৰ শ্রম মন্ত্রী হিচাপে অসমৰ আটাইতকৈ বেছি অর্থনৈতিকভাৱে অনগ্রসৰ চাহ।

শ্ৰমিকসকলৰ সুৰক্ষাৰ স্বাৰ্থত আপুনি মাত মতাটো অতি প্রয়ােজনীয়। সেয়েহে, ডলু চাহ বাগিচাত চলি থকা অত্যাধিক আৰক্ষী মােতায়ন কৰি বলপূর্বক উচ্ছেদৰ বিষয়টো আপুনি হাজাৰ হাজাৰ চাহ শ্ৰমিকৰ জীৱন-জীৱিকা সুৰক্ষিত কৰাৰ স্বাৰ্থত মুখ্যমন্ত্রী মহােদয়ৰ দৃষ্টিগােচৰ কৰি তাৎক্ষণিকভাৱে উক্ত স্থানৰ পৰা আৰক্ষী বাহিনী আঁতৰাই উচ্ছেদ কার্য স্থগিত কৰাৰ ব্যৱস্থা কৰিবলৈ অনুৰােধ জনালাে। লগতে পৰৱর্তী সময়ত আলােচনাৰ মাধ্যমেৰে উচ্ছেদিত পৰিয়ালসমূহৰ সংস্থাপন, শিক্ষা, স্বাস্থ্য আদি সুনিশ্চিত কৰিহে আইনগতভাৱে উচ্ছেদ কৰা যায় তাৰ বাবেও যাৱতীয় ব্যৱস্থা হাতত ল’বলৈ দাবী জনালোঁ।

Exit mobile version