প্ৰায়ভাগ লােকে খাদ্য সম্ভাৰ প্রস্তুত কৰােতে সৰিয়হৰ তেল ব্যৱহাৰ কৰে। পৰম্পৰাগত ভাবে সৰিয়হৰ তেল সকলােৱে ব্যৱহাৰ কৰি আহিছে। আজিকালি সৰিয়হৰ তেল ব্যৱহাৰ কৰাটো বহুতে বিপজ্জনক বুলি ভাবে যদিও দৰাচলতে অতিমাত্রা শংকাৰ কাৰণ নাই বুলি গৱেষক সকলে মন্তব্য কৰিছে।
অৱশ্যে সৰিয়হৰ ভেজাল তেলৰ বাবে কেতিয়াবা কেতিয়াবা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি নােহােৱাকৈ নাথাকে। সম্প্রতি বিদেশত সৰিয়হৰ তেলৰ ওপৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষা আৰম্ভ হৈছে। এই পৰীক্ষাত এইটো কথা স্পষ্টভাৱে প্ৰকাশ কৰা হৈছে যে সৰিয়হৰ তেলত এনে কিছুমান যৌগ আছে যিবােৰ সাধাৰণতে শৰীৰৰ বাবে ক্ষতিকাৰক।
ইয়াৰ ভিতৰত অন্যতম হ’ল ইৰুছিক এচিড। ভালদৰে শশাধন কৰিলে অৱশ্যে কিছু পৰিমাণে এই শংকা দূৰ হয়। এই তেলত থকা ফেটি, বিশেষকৈ মাছুৰেটেড ফেটি-এচিডে তেজত কোলেষ্টেৰল আৰু ট্রাই গ্লিচাৰাইড বৃদ্ধি হ’বলৈ দি হার্ট এটেকৰ আশংকা থাকে।
বেছি সময় তপত কৰিলে ইয়াৰ উপকাৰী গুণ নষ্ট হ’বলৈ ধৰে বাবে সমন্তৰালভাৱে সৃষ্টি হয় ক্ষতিকৰ যৌগ। বিপাকীয় প্রক্রিয়াত এই যৌগ আৰু ছাছুৰেটেড ফেটি এচিডসমূহ ভাগি নাযায়। সেয়েহে তেজৰ প্ৰটিন আৰু অন্যান্য জৈৱ কণিকা মিহলি হৈ ৰক্তবাহী নলীত বাধাৰ সৃষ্টি কৰে।
আনহাতে আধুনিক জীৱনধাৰাত মানুহৰ কায়িক পৰিশ্ৰম কম হয়, ব্যায়াম বা খােজকঢ়া আদি একেবাৰে হ্রাস পায়। তাৰ লগতে তেলত থকা ফেটৰ ইন্ধনৰ বাবে বৃদ্ধি পায়। কেইটিমান গুৰুত্বপূৰ্ণ দিশত মন দিয়ক পুষ্টিৰ ফালৰ পৰা বিচাৰ কৰিলে চালাড অইলেই সর্বোত্তম। চালাড অইল বুলিলে সাধাৰণতে জলফাইৰ তেলকে বুজা যায়।
অৱশ্যে এই তালিকাত আন, তেলাে অন্তর্ভুক্ত। চয়াবিন তেল, সূর্যমুখী তেল আদিও এই শ্ৰেণীত অন্তর্ভুক্ত কৰিব পাৰি।
★যিকোনাে তেল গৰম কৰিলে স্বাস্থ্যৰ ক্ষেত্ৰত সংশয়ৰ বিষয়টো জড়িত হৈ পৰে।
★কেঁচা সৰিয়হ তেলত শৰীৰৰ ক্ষতি হােৱাৰ আশংকা কম থাকে।
★কেঁচা সৰিয়হৰ তেলৰ লগত যিকোনাে চালাড অইল মিহলি কৰি খালে শৰীৰৰ ক্ষতি হােৱাৰ আশংকা নাথাকে।
★ৰান্ধিবৰ সময়ত তেল অতিমাত্রা গৰম কৰাটো অনুচিত। আঞ্জা, মাছ, মাংস আদি ভাপত দি খােৱাটোৱেই ভাল। বেছিকৈ তেল গৰম হােৱা মানে উপকাৰী তেল অপকাৰী হােৱা। ৰাইচ অইলৰ নিচিনা অধিক গুণযুক্ত তেল বেছি সময় তপত কৰিলে তাৰ উপকাৰী অসংম্পৃক্ত এচিডসমূহ বতাহত অক্সিজেনৰ স’তে বিক্রিয়া কৰি পলিমাৰৰ নিচিনা বিষাক্ত পদার্থ তৈয়াৰ কৰে। ই তেজত জমা হৈ থাকে।